শিৱসাগৰৰ পৰা আমিনুৰ ৰহমানঃ শিৱসাগৰৰ ৰাজপথত হঠাৎ এগৰাকী মহিলাৰ ৰণচণ্ডী ৰূপ।
এখন গাড়ীৰ ভিতৰত বহি থকা পুৰুষ-মহিলাক এচাৰি লৈ কোবাইছে মহিলা গৰাকীয়ে।
দৰাচলতে গাড়ীৰ ভিতৰত বহি থকা লোকজন মহিলাগৰাকীৰ স্বামী। গাড়ীৰ আনটো ছিটত বহি যোৱা সুন্দৰী যুৱতী গৰাকী হ’ল তেওঁৰ স্বামীৰ প্ৰেমিকা। দুয়োৰে মাজত আছে দীৰ্ঘ দিনীয়া অবৈধ প্ৰেমৰ সম্পৰ্ক।
স্বামীৰ অবৈধ প্ৰেমৰ সম্পৰ্কৰ কথা পত্নী অৱগত যদিও হাতে-লুটে ধৰিব পৰা নাছিল পত্নীয়ে। আজি সুযোগ পাই দুয়োকে হাতে-লুটে ধৰি ৰাজপথতে উত্তম মধ্যম সোধায় স্বামীক। এই দৃশ্য চাবলৈ ৰাজপথত ভিৰ কৰিলেহি অগণন লোকে। অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
লগতে পঢ়কঃঅসমৰ ভুৱা encounter মানৱ অধিকাৰ উলংঘন অৱশেষত সঁচা প্ৰমাণিত হ’ল: ডঃ দিব্যজ্যোতি শইকীয়া
মহিলাৰ গৰাকীৰ স্বামীৰ নাম হৈছে বিভানন্দ গগৈ। বিভানন্দ গগৈৰ আছে ২৭বছৰীয়া এটি পুত্ৰৰ লগতে এগৰাকী কন্যা সন্তানো।
ইয়াৰ পূৰ্বেও বিভানন্দ গগৈ আৰু তেওঁৰ প্ৰেয়সী জয়সাগৰ আৰক্ষী চকীৰ আলহী হ’ব লগা হৈছিল।