শিৱসাগৰঃ ঐতিহাসিক জয়সাগৰ পুখুৰীৰ দক্ষিণ পাৰ সংকটত । যিকোনো মূহুৰ্ততে খহি পৰিব পাৰে পুখুৰীটোৰ পাৰৰ এটা অংশ।
উল্লেখ্য যে, আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃ জয়মতীৰ সোঁৱৰণত এই বিশালকায় পুখুৰীটো খন্দোৱাইছিল ৷ কিন্তু পুখুৰীটোৰ সংৰক্ষণ, সংবৰ্দ্ধনৰ ক্ষেত্ৰত প্ৰশাসন-পুৰাতত্ত্ব বিভাগৰ উদাসীনতা অকৰ্মণ্যতাৰ বাবে পুখুৰীটোৰ অস্তিত্ব বৰ্তমান সংকটত ।
ইতিহাস প্ৰসিদ্ধ পুখুৰীটোক লৈ সংশ্লিষ্ট পক্ষৰ নিৰৱ ভূমিকাৰ বাবেই সম্প্ৰতি প্ৰৱল বৰষুণৰ ফলত পুখুৰীটোৰ দক্ষিণপাৰৰ এটা অংশ ফোপোলা হৈ পৰাৰ লগতে তলেদি পানী বিৰিঙিবলৈ আৰম্ভ কৰিছে ৷
আৰু পঢ়কঃ অব্যাহত আছে চলা গ্ৰাম্য অভয়াৰণ্য সংৰক্ষণ কাৰ্যসূচী
অতি জৰাজীৰ্ণ হৈ পৰা অংশটো এজাক বৰষুণতে ভাঙি পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ স্মৰ্তব্য যে আজিৰ পৰা এটা দশকৰ পূৰ্বে পুখুৰীটোৰ দক্ষিণপাৰৰ এটা অংশ ভাঙি পৰাৰ ফলত পুখুৰীটোৰ বৃহৎ জলৰাশি বাহিৰলৈ ওলাই অহাৰ লগতে পুখুৰীটোৰ মাছ, কাছও বাহিৰলৈ ওলাই গৈছিল ৷
সেই সময়ত চৰকাৰ, প্ৰশাসন, পুৰাতত্ত্ব বিভাগে যুদ্ধকালীন তৎপৰতাৰে পাৰটো মেৰামতি কৰিছিল যদিও আশে পাশে থকা আন জৰাজীৰ্ণ অংশ সমূহ মেৰামতিৰ কোনো ব্যৱস্থা নকৰিলে ৷
যাৰ বাবে বিভাগীয় অনীহাৰ বাবেই যিকোনো মুহুৰ্ততে ঐতিহাসিক পুখুৰীটোৰ এই অংশটো ভাঙি পৰাৰ আশংকা স্পষ্ট হৈ পৰিছে।শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই পুখুৰীৰ পাৰ পৰিদৰ্শন কৰি অনতিপলমে মেৰামতিৰ আশ্বাস দিয়ে।