শিৱসাগৰ, আমিনুৰ ৰহমানঃ জুৱাৰ বিৰুদ্ধে শিৱসাগৰত পুনৰ আৰক্ষী অভিযান। আৰক্ষীয়ে শিৱসাগৰত উচ্ছেদ কৰে বৃহৎ জুৱাৰ ঘাটি। শিৱসাগৰ নগৰৰ গোঁহাই চুক নিবাসী সঞ্জীৱ গগৈ নামৰ ব্যক্তিৰ ঘৰৰ পৰা আটক কৰে ৪ টা জুৱাৰীক।
আৰক্ষীয়ে আটক কৰা জুৱাৰী কেইটা ক্ৰমে- মনোজ গগৈ (২৯), ৰাকেশ গগৈ (৩২), ইন্দ্ৰজিত হাজৰিকা (৬৩) আৰু প্ৰাঞ্জল বৰগোহাঁই (৩৭)। আৰক্ষীয়ে সঞ্জীৱ গগৈৰ ঘৰত জুৱা খেলি থকা অৱস্থাত হাতে-লোটে ধৰা পেলায়।
এক গোপন সূত্ৰৰ পম খেদি শিৱসাগৰ জিলাৰ উপ আৰক্ষী অধীক্ষক ডৈজী গগৈ, সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যোগল কিশোৰ কলিতা আৰু নগৰ পৰিদৰ্শক বিশ্বজিত দেউৰী নেতৃত্বত এই অভিযান। অভিযানৰ সময়ত জুৱাৰী কেইটাৰ পৰা তাচ পাত, ডাইচ আৰু জুৱাৰ সা-সামগ্ৰী উদ্ধাৰ কৰে শিৱসাগৰ আৰক্ষীয়ে।
ঘটনাস্থলীৰ পৰা জুৱাৰ আড্ডাৰ গৰাকী সঞ্জীৱ গগৈ সহ আন কেইবাজনো জুৱাৰী পলায় যাবলৈ সক্ষম হয়। আৰক্ষীয়ে চাৰিওটা জুৱাৰীক ইতিমধ্যে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আৰক্ষীয়ে পলাতক সঞ্জীৱ গগৈক বিচাৰি অভিযান আৰম্ভ কৰিছে।