শিৱসাগৰঃ ৰাজ্যত পুনৰ যুৱতী নিৰুদ্দেশৰ ঘটনা। শিৱসাগৰ জিলাৰ আমগুৰিৰ দ-ঘৰফলীয়াৰ পৰা কলেজীয়া ছাত্ৰী নিৰুদ্দেশ।
এঘাৰ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে আমগুৰিৰ দ-ঘৰফলীয়াৰ বাসিন্দা ফুলেশ্বৰী গগৈৰ কন্যা তথা আমগুৰি মহাবিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্ৰী বিউটি গগৈ।
পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে এঘাৰ ফেব্ৰুৱাৰীৰ দিনা এগৰাকী বান্ধৱীৰ ওচৰলৈ যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে বিউটি। পিতৃহীনা বিউটি গগৈৰ নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা কান্দোনত ভাগি পৰিছে মাতৃ আৰু খুড়ায়েক। বিউটি গগৈক কোনো দুষ্ট চক্ৰই চাকৰি দিয়াৰ প্ৰলোভনেৰে লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰলোকে।
লগতে পঢ়কঃলখিমপুৰ জিলাৰ কাকৈ সংৰক্ষিত বনাঞ্চলত পুনৰ অৰুণাচলীৰ তাণ্ডৱ
কোনো সদাশয় ব্যক্তিয়ে যদি বিউটিৰ কিবা সন্ধান লাভ কৰে তেনেহ’লে পৰিয়ালৰ ৬০০১৮৮৬৯৫৩ অথবা ৯৩৬৫৯২০৭৪৬ ম’বাইল নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে।
ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে হালোৱাটিং থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়েও বৰ্তমানলৈকে কোনো শুংসুত্ৰ উলিয়াব পৰা নাই ছাত্ৰীগৰাকীৰ।