শিৱসাগৰঃ শিৱসাগৰৰ জিলাৰ বানমুখ পাতৰ গাঁৱত সংঘটিত হৈছে নৃশংস ঘটনা। সুৰামত্ত স্বামীৰ দাৰ ঘাপত গুৰুতৰ ভাৱে আহত হয় পত্নী। জানিব পৰা মতে, অমৃত গগৈ (৩৫) নামৰ লোকজনে দৈনিক সুৰাপান কৰি পত্নীক শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল। স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি তেওঁৰ পত্নী ৰিংকু গগৈয়ে ২৭ এপ্ৰিলত শিৱসাগৰ সদৰ থানাত স্বামীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। অভিযোগৰ ভিত্তিত ২৯ এপ্ৰিলত শিৱসাগৰ আৰক্ষীয়ে অমৃত গগৈক থানালৈ মাতি পত্নীক অত্যাচাৰ নকৰিবলৈ কঠোৰ সকীয়াই দিয়ে।

তাৰ পিছতো অমৃতে সোমবাৰে পুৱা ৮ বজাত পত্নীক চোকা অস্ত্ৰৰে ডিঙিত ঘাপ মাৰি হত্যাৰ চেষ্টা চলায়। গুৰুতৰ ভাৱে আহত ৰিংকুৱে সৌভাগ্যক্ৰমে পলাই গৈ প্ৰতিবেশীৰ ঘৰত আশ্ৰয় লয়। ৰাইজে লগে লগে শিৱসাগৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অভিযুক্ত অমৃত গগৈক কৰায়ত্ত কৰে। লগতে গুৰুতৰ ভাৱে আহত ৰিংকুক শিৱসাগৰ চিভিল হস্পিতাললৈ প্ৰেৰণ কৰে।

লগতে পঢ়কঃমাণিকপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ বৃহৎ সাফল্য

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply