শিৱসাগৰ ঃ শিৱসাগৰ জিলাৰ নামতিৰ ২নং শলগুৰিৰ এটি পাঁচ বছৰীয়া শিশুক মাকে পুখুৰীত পেলাই নিৰ্মমভাৱে হত্যা কৰাৰ পিছত লাহে লাহে উদ্ঘাটন হৈছে ইয়াৰ ন ন তথ্য। প্ৰথম অৱস্থাত স্বামীৰ অত্যাচাৰৰ বলি হৈ মাতৃ আৰু কন্যাই আত্মহত্যাৰ পথ বাছি ল’ব খোজা বুলি মাতৃ জোনালী নাথে কৈছিল যদিও ত্ৰিদিশা নাথৰ মৃত্যুই লৈছে অন্য এক নতুন মোৰ।
আচলতে স্বামীৰ অত্যাচাৰৰ বাবে নহয়, মাতৃ জোনালী নাথৰ পৰকীয়া প্ৰেমৰ বাবেই হত্যাৰ বলি হ’ব লগীয়া হয় নিষ্পাপ শিশুটি।
আৰু পঢ়কঃযোৰহাটত জঘন্য কান্ড,নিশা ঘৰলৈ উভতাৰ পথত মহিলাক ধৰ্ষণ, দুজনক গ্ৰেপ্তাৰ
শনিবাৰৰ নিশা কণমানি ত্ৰিদিশা নাথে মাতৃ জোনালী নাথক অভিযুক্ত প্ৰবীণ শইকীয়া নামৰ যুৱকৰ সৈতে অসংযত অৱস্থাত প্ৰত্যক্ষ কৰিছিল। এই কথা কন্যা ত্ৰিদিশা নাথৰ মুখৰ পৰা ওলাই পৰে বুলি নিজ কন্যাক হত্যা কৰিছিল মাতৃ জোনালী নাথে।
আৰক্ষীৰ মাৰাথন জেৰাত এই কথা পোহৰলৈ অহা বুলি সদৰী কৰিছে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে।
প্ৰবীণ শইকীয়া আৰু জোনালী নাথৰ বিগত কেইবামাহে ধৰি আছিল অবৈধ সম্পৰ্ক যাৰ কৰুণ পৰিণতিত প্ৰাণ হেৰুৱাব লগীয়া হয় কণমানি ত্ৰিদিশাই।প্ৰবীণ শইকীয়াক সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।