শিৱসাগৰঃ জটিল ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী ৰিতুমণি হাজৰিকাৰ চিকিৎসাৰ দায়িত্ব ল’লে সাংসদ তপন কুমাৰ গগৈয়ে। সমস্ত চিকিৎসাৰ খৰছ বহন কৰাৰ লগতে সাংসদ তপন কুমাৰ গগৈয়ে নাৰ্চিং হোমত থকা-খোৱাৰ খৰছৰ বাবে পঞ্চাশ হাজাৰ টকাও সাহাৰ্য্য আগবঢ়াই পৰিয়ালটোলৈ।
স্নাতক ডিগ্ৰীধাৰী মেধাৱী ছাত্ৰীগৰাকী দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে ৰিতুমণিক প্ৰাথমিক চিকিৎসা কৰাই আছিল যদিও অৰ্থৰ অভাৱত উন্নত চিকিৎসা কৰাব পৰা নাছিল।
ফলত ঘৰৰ বিচনাখনেই একমাত্ৰ সাৰথি হৈছিল ২৩ বছৰীয়া ৰিতুমণিৰ। সৰ্বশৰীৰ মেৰিয়াই থোৱা হৈছিল কাপোৰে।মূৰত স্পৰ্শ কৰিলেই চিঞৰি উঠে ৰিতুমণিয়ে।
ৰিতুমণিৰ ঘৰত বুধবাৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ উপস্থিত হৈ স্বাস্থ্যৰ বুজ লয় আৰু পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰি ডিব্ৰুগড়স্থিত ব্ৰহ্মপুত্ৰ নাৰ্চিংহোম কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰে।
নাৰ্চিং হোমখনৰ চিকিৎসকৰ সৈতে কথা পাতি তপন কুমাৰ গগৈয়ে ৰিতুমণিৰ চিকিৎসাৰ সমস্ত দায়িত্ব নিজে গ্ৰহণ কৰে । লগত্ পঢ়কঃহাঁহচৰাৰ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী যুৱতী আক্ৰান্ত দুৰাৰোগ্য ৰোগত!চিকিৎসা কৰিবলৈ ধনৰ অভাৱ
সাংসদ গগৈয়ে এখন এম্বুলেঞ্চ যোগাৰ কৰি ৰিতুমণিক চিকিৎসাৰ বাবে নাচিংহোমখনলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা লগতে চিকিৎসাৰ সময়ত থকা খোৱা খৰছৰ বাবদ ৰিতুমণিৰ পৰিয়ালটোৰ হাতত নগদ পঞ্চাশ হাজাৰ টকা প্ৰদান কৰে।
ৰিতুমণিৰ চিকিৎসাৰ বাবদ ব্ৰহ্মপুত্ৰ নাৰ্চিংহমত ব্যয় হব লগা ধনো সাংসদ তপন কুমাৰ গগৈ নিজেই বহন কৰাৰ কথা উল্লেখ কৰে পৰিয়ালৰ আগত।