শিৱসাগৰঃ অ’ এন জি চিক অইল ইণ্ডিয়া লিমিটেডৰ সৈতে কোনোপধ্যেই চামিল কৰিবলৈ দিয়া নহ’ব বুলি পুনৰ স্পষ্ট কৰি দিছে ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছে। এই সন্দৰ্ভত ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে যোৱা ৯ ছেপ্টেম্বৰত আলোচনাত মিলিত হোৱা বুলি সদৰি কৰিছে মজদুৰ কংগ্ৰেছে।

শিৱসাগৰ অ’এন জি চিৰ আবাসিক কলনিত মজদুৰ কংগ্ৰেছে অনুষ্ঠিত কৰা এখন সংবাদমেলত এই বিষয়ে অৱগত কৰে ।

অহা ২৮ ছেপ্টেম্বৰত অ’ এন জি আৰু অইলৰ চামিকৰণ প্ৰস্তাৱৰ বিষয়টো সন্দৰ্ভত আলোচনা কৰাৰ লগতে পৰিস্থিতি বুজ ল’বলৈ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা শিৱসাগৰ জিলালৈ আহিব বুলি সংবাদমেলত অৱগত কৰে মজদুৰ কংগ্ৰেছে।

লগতে পঢ়কঃচাৰিবছৰৰ মূৰত বাংলাদেশৰ পৰা স্ব-ভূমিত উপস্থিত হ’ল মুকুল হাজৰিকা

অ’এন জি চিক অইলৰ সৈতে চামিল নকৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰাৰো আশ্বাস দিয়া বুলি সংবাদমেলত জানিবলৈ দিয়ে মজদুৰ কংগ্ৰেছে।

সংবাদমেলত মজদুৰ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি তথা প্ৰাক্তন বিধায়ক হিৰণ্য বৰা, পূৰ্বাঞ্চল শ্ৰমিক ইউনিয়নৰ সঞ্জীৱ বৰুৱাও উপস্থিত থাকে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অ’এন জি চিক অইলৰ সৈতে চামিলকৰণ কৰিবলৈ প্ৰস্তাৱ লোৱা বুলি মন্তব্য কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply