শিৱসাগৰৰ পৰা ৰুবী ফুকনঃ শিৱসাগৰত তুংগত বীৰ লাচিত সেনা সংগঠনত সাংগঠনিক যুঁজ।

বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখ্য সচিব ৰণ্টু পানীফুকন আৰু শৃংখল চলিহাৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি চিতু বৰুৱাৰ বিস্ফোৰক মন্তব্য।

বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখ্য সচিব ৰণ্টু পানীফুকন আৰু শৃংখল চলিহাই জাতীয়তাবাদৰ নামত দালালি কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন ।

বীৰ লাচিত সেনাক ৰণ্টু পানীফুকন আৰু শৃংখল চলিহাই বিজেপি-আৰ এছ এছৰ বি-টীমলৈ পৰ্যবসিত কৰিছে ।

চাৰিলেন যুক্ত পথ নিৰ্মাণত ব্যৱহৃত কোটি টকীয়া ডাম্পাৰ কেলেংকাৰীত জড়িত ৰন্টু পানীফুকন আৰু শৃংখল চলিহা ।

লগতে পঢ়কঃবোকাজানত অস্ত্ৰসহ আটক চাৰি যুৱক

বিহাৰৰ তৌফিক আলমৰে মিলি ৰন্টু পানীফুকন আৰু শৃংখল চলিহাই অসমৰ খিলঞ্জীয়া লোকৰ পৰা কোটি কোটি টকা ডাম্পাৰৰ নামত সংগ্ৰহ কৰি আত্মসাৎ কৰিছে।

শিৱসাগৰৰ হোটেল ডিঅ’ ভলেন্টত অনুষ্ঠিত সংবাদমেলত এই বিস্ফোৰণ বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি চিতু বৰুৱাৰ।

সংবাদ মেলত বীৰ লাচিত সেনাৰ বিভিন্ন আঞ্চলিকৰ ২০০ সদস্যয়ে বীৰ লাচিত সেনা ত্যাগ কৰে।

সংবাদ মেলতে ডাম্পাৰ কেলেংকাৰীৰ তথ্য প্ৰমাণ প্ৰদৰ্শন কৰে লাচিত সেনাৰ নেতাগৰাকীয়ে।

বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখ্য সচিব ৰণ্টু পানীফুকন আৰু সাংগঠনিক সচিব শৃংখল চলিহাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনে চিতু বৰুৱাই।  

দুয়ো নেতাই বীৰ লাচিত সেনাৰ মজিয়াত থাকি চাৰিলেন যুক্ত পথ নিৰ্মাণ কামত ডাম্পাৰ কেলেংকাৰী সংঘটিত কৰা বুলি বিস্ফোৰক মন্তব্য কৰে চিতু বৰুৱাই।
ডাম্পাৰ যোগান ধৰাৰ নামত ৰাজ্যৰ শ শ যুৱকৰ পৰা ডেৰশ কোটিৰো অধিক টকা সংগ্ৰহ কৰা বুলি অভিযোগ কৰে বৰুৱাই।

ৰণ্টু পানীফুকন আৰু শৃংখল চলিহাৰ ডাম্পাৰ কেলেংকাৰীৰ সমস্ত তথ্য ফাদিল কৰিবলৈ সংগঠনৰ বিভিন্ন জিলাৰ কৰ্মীৰ লগত কথা-বতৰা চলি থকাৰ কথা গম পাই এই দৰে মোক সংগঠনৰ পৰা ষড়যন্ত্ৰমূলকভাৱে বহিষ্কাৰ কৰিলে বুলি মন্তব্য কৰে চিতু বৰুৱাই।

চিতু বৰুৱাই কয় যে “গো সুৰক্ষা আইনৰ বিৰোধিতা কৰাৰ বাবেই মোক সংগঠনৰ পৰা বহিষ্কাৰ কৰা হ’ল।”  

ডাম্পাৰ কেলেংকাৰীত ৰন্টু পানীফুকন জড়িত থকাৰ বহু কেইটা বিস্ফোৰক অডিঅ’ ক্লীপো প্ৰদান কৰে চিতু বৰুৱাই।

আজি সাংবাদ মেল যোগে চিতু বৰুৱাই ঘোষণা কৰে যে বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলাৰ বহু বিষয়ববীয়াৰ লগতে জয়সাগৰ আঞ্চলিক, নামতি আঞ্চলিক, হাতীখোক আঞ্চলিক, কোঁৱৰপুৰ আঞ্চলিক, পানবেচা আঞ্চলিককে ধৰি বহু কেইখন আঞ্চলিকৰ কেইবাশধাধিক সদস্যই সমুহীয়াভাৱে পদত্যাগ কৰে। 

ইয়াৰ পূৰ্বে কালি বীৰ লাচিত সেনা ৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি চিতু বৰুৱাক বহিস্কাৰ কৰিছিল । তেওৰ বিৰুদ্ধে দল বিৰোধী কাৰ্য কৰাৰ অভিযোগ তুলিছিল দলীয় নেতৃত্বই ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply