
শিৱসাগৰ- শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লত অহা ১০ৰ পৰা ১৩ মাৰ্চলৈ আয়োজন কৰা হ’ব শিৱৰাত্ৰি। সোমবাৰে এক সংবাদমেল যোগে অৱগত কৰে শিৱসাগৰ দ’ল উন্নয়ণ পৰিষদৰ সম্পাদক বসন্ত গগৈয়ে।
আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱৰ লগত সংগতি ৰাখি প্ৰত্যেক দিনাই সন্ধ্যা দ’লমুখ চাৰিআলিত বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ লগতে আয়োজন কৰা হ’ব বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী।
দ’ল প্ৰাঙ্গণৰ চৌদিশে আৰু স্থানীয় ফুলেশ্বৰী ছোৱালী বিদ্যালয়ৰ খেলপথাৰত হব এক বৃহৎ মেলা।
শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লত আয়োজিত আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ আৰু শ্ৰী শ্ৰী মহা শিৱৰাত্ৰীৰ চাৰিওটা দিনৰ কাৰ্যসূচীত সকলো ভক্তপ্ৰাণ ৰাইজক অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায় উদযাপন সমিতিয়ে।