শিৱসাগৰঃ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে অনুসূচিত জাতিৰ প্ৰতি বিৰূপ মন্তব্য কৰাৰ অভিযোগ তুলি আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অনুসূচিত জাতি ছাত্ৰ সন্থাই।
অনুসূচিত জাতিৰ প্ৰতি বিৰূপ মন্তব্য কৰাৰ অভিযোগত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে বিধায়ক গৰাকীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
লগতে পঢ়কঃভূটানৰ লক ডাউনৰ ফলত কৰ্ম সংস্থাপনহীন হৈ পৰিছে ভাৰত-ভূটান সীমান্তৰ দৰঙ্গামেলাৰ শ শ শ্ৰমিক
বিধায়ক গৰাকীয়ে অনুসূচিত জাতিৰ সংগঠন আৰু লোক সকলক ” জালীয়া ” আদি শব্দৰে অপমানজনক মন্তব্য কৰা বুলি ক্ষোভ প্ৰকাশ কৰিছে অনুসূচিত জাতি ছাত্ৰ সন্থাই।
যদিহে বিধায়ক অখিল গগৈয়ে অচিৰেই ক্ষমা নুখোজে তেন্তে গাঁৱে গাঁৱে অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ দিয়ে অনুসূচিত জাতি ছাত্ৰ সন্থাই।