শিৱসাগৰঃ কোভিড সংক্ৰমণ হ্ৰাস হোৱাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে নতুন SOP জাৰি কৰি আন্তঃজিলা যাতায়ত খুলি দিছে যদিও ৰাজহুৱা পৰিৱহণ ব্যৱস্থা বন্ধ কৰি ৰাখিছে ।
যাত্ৰীবাহী বাছৰ চলাচল বন্ধ কৰি থোৱাত শিৱসাগৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বাছ মালিক, চালক সকলে।
শিৱসাগৰত সন্মিলিত উজনি অসম বাছ মালিক সন্থাই নতুন এছ অ’ পি’ক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে শীঘ্ৰেই যাত্ৰীবাহী বাছৰ চলাচল খুলি দিয়াৰ দাবী জনাইছে।
লগতে পঢ়কঃনাৰায়নপুৰত ব্ৰইলাৰ মুৰ্গীৰ ব্যবসায় কৰাৰ বাবেই এঘৰীয়া
বহু বাছ তিনিমাহ নচলাকৈ বাছ আস্থানত পৰি থকাৰ ফলত বাছসমূহ বিকল হোৱাৰ উপক্ৰম হৈছে।
দীৰ্ঘদিনে বাছ চলাচল বন্ধ কৰি থোৱাত EMI দিবলৈ ,পৰিয়াল চলাবলৈ ব্যাপক সমস্যাৰ সৃষ্টি হোৱাৰ লগতে বহু বাছৰ যন্ত্ৰাংশ বিকল হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে সন্মিলিত উজনি অসম বাছ মালিক সন্থাই।