শিৱসাগৰঃ বিপদাপন্ন পানীদিহিং পক্ষী অভয়াৰণ্য। ক্ৰমান্বয়ে নিঃশেষ হ’ব ধৰা পানীদিহিং পক্ষী অভয়াৰণ্য সুৰক্ষাৰ দাবীত বুধবাৰে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাও কৰে অনুসূচিত জাতি ছাত্ৰ সন্থাই।

২৫০ বিধৰো অধিক বিভিন্ন প্ৰজাতিৰ পক্ষীৰ বিচৰণ ভূমি কেইবা হেক্টৰ মাটিৰে আৱৰি ৰখা পানীদিহিং অভয়াৰণ্যত সম্প্ৰতি দুষ্কৃতিকাৰী তথা চোৰাং চিকাৰীৰ হাতুৰা পৰিছে যদিও বন বিভাগ নীৰৱ দৰ্শক হৈ থকা বুলি ক্ষোভ প্ৰকাশ কৰে সন্থাই।

এচাম দুষ্ট মৎস্য চিকাৰীয়ে অভয়াৰণ্যখনত অবৈধভাৱে মৎস্য চিকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। কিন্তু কমিচনৰ লোভত চকু মুদা কুঁলিৰ ভাও ধৰি আছে বনবিভাগে।

লগতে পঢ়কঃপৰকীয়া প্ৰেমৰ বাবেই পত্নীক হত্যাৰ চেষ্টা গৃহৰক্ষী জোৱানৰ

অনুসূচিত জাতি ছাত্ৰ সন্থাৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই হাতে হাতে প্লে কাৰ্ড লৈ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দি বন বিভাগ হায় হায়, পক্ষী অভয়াৰণ্য সুৰক্ষিত কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ।

ইয়াৰ উপৰিও দুটা ফুলাই দীঘলী নলা আৰু নেলু কটা নলাৰ যোগেদি অভয়াৰণ্য খনৰ পানী অহৰহ ওলাই থকাত অভয়াৰণ্য খনৰ জীৱকূলৰ প্ৰতিও ভাবুকি কঢ়িয়াই অনা বুলি উদ্বেগ প্ৰকাশ কৰে অনুসূচিত জাতি ছাত্ৰ সন্থাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply