শিৱসাগৰঃ অসম চৰকাৰে ৰূপায়ণ কৰা গো সুৰক্ষা আইনৰ বিৰুদ্ধে বুধবাৰে শিৱসাগৰৰ ৰাজপথ উত্তাল কৰে কেইবা শতাধিক পশুপালকে।
জিলাখনৰ বিভিন্ন প্ৰান্তত গো-পালক সকল একত্ৰিত হৈ শিৱসাগৰ ষ্টেচন চাৰিআলি সমীপত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে উপায়ুক্ত কাৰ্যালয়লৈকে বিশাল সমদল উলিয়াই।
লগতে পঢ়কঃমুখ্যমন্ত্ৰীয়ে আশীষ ল’লে ঢেকীয়াখোৱা বৰনামঘৰত
পশু তথা গো পালক সকলে হাতে হাতে প্লে কাৰ্ড, বেনাৰ লৈ গো সুৰক্ষা আইন বাতিল কৰক , গো পালকৰ ভাত মৰা কাৰ্য বন্ধ কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ।
ইয়াৰ পিছতে উক্ত আইন বাতিলৰ দাবীত শিৱসাগৰ জিলা উপায়ুক্ত যোগেদি মূখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে গো পালক সকলে।