শিৱসাগৰঃ খহনীয়া প্ৰতিৰোধৰ দাবীত শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ বিশাল মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন। শিৱসাগৰৰ ঐতিহাসিক দিচাংমুখৰ অফলা, দিখৌমুখত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া।
ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈছে দিচাংমুখৰ অফলাৰ কেইবা হেক্টৰ কৃষিভূমিৰ লগতে বহু পৰিয়ালৰ ঘৰ-বাৰী।
কিন্তু ইয়াৰ পিছতো খহনীয়া ৰোধৰ বাবে স্থায়ী পদক্ষেপ নল’লে চৰকাৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধ কৰিবলৈ দিচাংমুখৰ অফলা আৰু দিখৌমুখত বিশাল মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে শিৱসাগৰ জিলা ছাত্ৰ সন্থাই।
লগতে পঢ়কঃপিষ্টল দেখুৱাই ৪ লাখ টকা কাঢ়ি নিয়া দলটোৰ এজন গ্ৰেপ্তাৰ
আছুৰ নেতৃত্বত শ শ ছাত্ৰ-ছাত্ৰ , স্থানীয় ৰাইজ লুইতৰ পাৰত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে ।
বাৰিষাৰ পূৰ্বে খৰালিতে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ স্থায়ী সমাধানৰ বাবে পদক্ষেপ ল’বলৈ দাবী তুলি ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ নামত ল’ৰা ধেমালি নকৰিবলৈয়ো সকীয়াই দিয়ে শিৱসাগৰ জিলা ছাত্ৰ সন্থাই।