শিৱসাগৰঃ শিৱসাগৰত বিধায়ক অখিল গগৈৰ অৱস্থান ধৰ্মঘট। শাসকীয় তথা বিজেপি চৰকাৰে ১ লাখ নিৱনুৱাক সংস্থাপন দিম বুলি যি চৰম প্ৰতাৰণা কৰিলে তাৰ প্ৰতিবাদ স্বৰূপে শিৱসাগৰ পৰ্যটন কাৰ্য্যালয়ৰ সম্মুখত ৰাইজৰ দলে এক অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰে।
মুখ্যমন্ত্ৰী গৰাকীয়ে শপত গ্ৰহণৰ সময়ত আস্বাস দিছিল যে ৰাজ্যৰ এক লাখ নিবনুৱাক নিযুক্তি দিব। শাসনাধীন বিজেপি চৰকাৰে বৰ্তমানলৈ বিজ্ঞাপন দিছে ১৫,১৩০টা পদৰ বাবে।
মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি অনুসৰি ২০২২ চনৰ ভিতৰত অসমৰ ১ লাখ নিবনুৱাক চাকৰি প্ৰদান কৰাৰ লগতে বিজেপি চৰকাৰৰ নিৰ্বাচনী ইস্তাহাৰৰ লিখিত প্ৰতিশ্ৰুতি অনুসৰি পাঁচ বছৰৰ ভিতৰত পাঁচ লাখ নিবনুৱাক নিযুক্তি প্ৰদান কৰাৰ দাবী বিধায়ক অখিল গগৈৰ।
লগতে পঢ়কঃনুমলীগড় শোধনাগাৰত থলুৱাক বঞ্চনাৰ অভিযোগত শ্ৰমিকৰ প্ৰতিবাদ
মাৰ্চৰ পৰা মে’ৰ ভিতৰত চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ নকৰিলে বিধায়কগৰাকীয়ে তীব্ৰ আন্দোলন আন্দোলন গঢ়ি তুলিব বুলি হংকাৰ দিয়ে।