শিৱসাগৰ– শিৱসাগৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু অসমত ইনাৰ লাইন পাৰপত্ৰ প্ৰদানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী।
শিৱসাগৰ ষ্টেচন চাৰিআলিৰ টাই সংস্কৃত বিকাশ কেন্দ্ৰৰ পৰা এক বৃহৎ বাইক ৰেলীৰে শিমলুগুৰিলৈ যায় প্ৰতিবাদকাৰীসকল।
সংগঠনটোৰ কেইবা শতাধিক সদস্যই অংশ গ্ৰহণ কৰা এই বাইক ৰেলীত বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।