শিৱসাগৰঃ কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতত্ব বিভাগৰ চুড়ান্ত অকমৰ্ণ্যতাৰ বাবেই ঐতিহাসিক শিৱসাগৰ জিলাখনৰ ইটোৰ পিছত সিটো পৌৰাণিক সম্পদ জহি খহি যোৱাৰ ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি অহাৰ সময়তেই এইবাৰ ইতিহাস প্ৰসিদ্ধ জয়সাগৰ পুখুৰীৰ পাৰৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানত থকা স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ আৱক্ষ মূৰ্তিত জোতা চেণ্ডেল পিন্ধি কেইজনমান উদণ্ড যুৱকৰ দলে দিন দুপৰতে ভাং, সুৰাৰ আড্ডা পতাৰ ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ অন্যতম স্বৰ্গদেউ হিচাবে পৰিচিত ৰুদ্ৰ সিংহৰ আৱক্ষ মূৰ্তিত  জোতা চেণ্ডেল পিন্ধি এনেদৰে মদ আৰু ভাঙৰ মজলিছ অনুস্থিত কৰাৰ ঘটনাক লৈয়েই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

জয়সাগৰ আৰক্ষী চকীৰ পৰা মাত্ৰ এশ মিটাৰ নিলগতেই অৱস্থিত উদ্যানখনত থকা আহোম স্বৰ্গদেউ গৰাকীৰ আৱক্ষ মূৰ্তিক এনেদৰে অপমান কৰাৰ কাৰ্যত স্তম্ভিত স্থানীয় ৰাইজ।

 যি সময়ত ৰাজ্যৰ মূখ্যমন্ত্ৰী গৰাকীয়ে অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰিছে সেই সময়তেই আৰক্ষী চকীৰ নাতি দূৰৈত এনেদৰে সুৰা, জুৱা, ড্ৰাগছত আসক্ত উদণ্ড যুৱকৰ দলে ৰুদ্ৰ সিংহৰ প্ৰতিমূৰ্তিত জোতা-চেণ্ডেল পিন্ধি উঠি হাতে হাতে ভাং, চিগাৰেট সেৱন কৰি থকাৰ ঘটনাই আৰক্ষী প্ৰশাসনৰ নিৰন্তৰ অসামাজিক কাৰ্য্যকলাপ বিৰোধী অভিযানক কাৰ্য্যত অসাৰ কৰি তুলিছে ৷

লগতে পঢ়কঃমিচিং স্বায়ত্ব শাসিত পৰিষদত গৰাখনীয়া প্ৰতিৰোধৰ নামত ৬০ লাখ আত্মসাতৰ ব্লু-প্ৰিন্ট

উল্লেখ্য যে, কংগ্ৰেছৰ আমোলত ইতিহাস প্ৰসিদ্ধ জয়সাগৰ পুখুৰীৰ পশ্ছিম দিশত কেইবাকোটি টকা ব্যয় সাপেক্ষে এই বৃহত উদ্যান খন নিৰ্মাণ কৰাৰ লগতে  স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ  প্ৰকাণ্ড আৱক্ষ মূৰ্তি প্ৰতিস্থা কৰা হৈছিল ৷

কিন্তু অতি দুৰ্ভাগ্যজনক ভাৱে পৰিচৰ্যাৰ অভাৱ, নিম্ন মানদণ্ডৰ সামগ্ৰীৰে নিৰ্মাণ কৰা আৱক্ষ মূৰ্তিৰ বেদীৰ লগতে সমগ্ৰ প্ৰতিমূৰ্তিটোত চিৰাল ফাট মেলি এক কৰ্দয্যময় ৰূপ ধাৰণ কৰিলে ৷

হাবি জংঘলেৰে আৱৰি ধৰা প্ৰতিমূৰ্তিটোৰ বেদী সম্প্ৰতি অসামাজিক কাৰ্য্যকলাপৰ এক নিৰাপদ ঘাটীলৈ ৰুপান্তৰিত হ’বলৈ ধৰিছে।

সচেতন মহলে এই ক্ষেত্ৰত তাৎক্ষণিক ভাৱে জিলা প্ৰশাসনৰ হস্তক্ষেপ কামনা কৰাৰ লগতে  অপমানজনক কাৰ্য্যৰ লগত জড়িত চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা কামনা কৰিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply