শিৱসাগৰঃ সমগ্ৰ ৰাজ্যতে কৰোনা মহামাৰী সংক্ৰমণৰ ফলশ্ৰুতিত বিদ্যালয় সমূহ বন্ধ।

ছাত্ৰ-ছাত্ৰী সকলে অনলাইন ব্যৱস্থাৰ জৰিয়তে ব্যস্ত হৈ পৰিছে অধ্যয়নত। কিন্তু বিদ্যালয়ৰ পাঠদান বন্ধৰ এই সময়ছোৱাত শিৱসাগৰৰ লংকাক গোহাঁই গাওঁৰ নিবাসী ৰুবুল বুঢ়াগোহাঁ‌ই আৰু আৰতী বুঢ়াগোহাঁ‌ইৰ একমাত্ৰ কণমানি পুত্ৰ সন্তান অলেঞ্চু বুঢ়াগোহাঁ‌ইয়ে পেলনীয়া সামগ্ৰীৰে সাজি উলিয়াইছে সময় উপযোগী এক আহিলা হেণ্ড চেনিটাইজাৰ বৈদ্যুতিক মেছিন। অলেঞ্চু শিমলুগুৰি শংকৰদেৱ শিশু নিকেতনৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ।

পেলনীয়া সামগ্ৰীৰে অলেঞ্চু বুঢ়াগোহাঁ‌ইয়ে নিৰ্মাণ কৰা হেণ্ড চেনিটাইজাৰ বৈদ্যুতিক মেচিনটোত প্ৰয়োজন হৈছে পেলনীয়া সামগ্ৰীৰ উপৰিও অত্যাৱশকীয় কিছুমান সা-সামগ্ৰী।

আৰু পঢ়কঃ৬৩ দিনৰ পিছত দেশত ১ লাখৰ তলত নামিল ক’ভিড আক্রান্তৰ সংখ্যা

এই হেণ্ড চেনিটাইজাৰ বৈদ্যুতিক মেচিনটো সাজোতে প্লাষ্টিক পাইপ, ৱাটাৰ পাম্প আৰু আয়াৰ ব’ৰ্ডেৰৰ প্ৰয়োজন হৈছে।

চেঞ্চৰ যুক্ত এই হেণ্ড চেনিটাইজাৰ মেচিনটোৰ ওচৰত হাতখন দিলেই নিজেই নিজেই ওলাই আহিব চেনিটাইজাৰ।

কণমানি অলেঞ্চুৱে নিৰ্মাণ কৰা চেনিটাইজাৰ বৈদ্যুতিক মেচিনটো সময় উপযোগী হোৱাকৈ হাঁহচৰা লংকাক গোহাঁই গাঁৱৰ চূণপোৰা গোহাঁই খণ্ড ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ বিনামূলীয়াকৈ প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে অলেঞ্চু বুঢ়াগোহাঁইয়ে। ভৱিষ্যতে এজন বৈজ্ঞানিক হোৱাৰ আশা মনত পুহি ৰাখিছে কণমানি অলেঞ্চুৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply