শিৱসাগৰঃ আহোমৰ ৰাজত্ব কালত ১৭৩৪ খ্ৰীষ্টাব্দত স্বৰ্গদেউ শিৱ সিংহৰ দিনত বৰৰজা অম্বিকা কুঁৱৰীয়ে কলঞ্চুপৰীয়া গোঁহাই গাঁৱত এক বৃহৎ পুখুৰী খন্দোৱাই নিৰ্মাণ কৰাইছিল তিনিটা দ’ল। মাজত সুউচ্চ সোণৰ কলচি খচিত শিৱ দ’ল নিৰ্মাণ কৰি দুয়োকাষে নিৰ্মাণ কৰাইছিল আন দুটা দ’ল ক্ৰমে দেৱী দ’ল আৰু বিষ্ণু দ’ল।এই দ’ল তিনিটাক কেন্দ্ৰ কৰি প্ৰতি বছৰে বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকৰ আগমণ ঘটে।
সম্প্ৰতি অসমীয়াৰ আবেগ অনুভূতি জড়িত হৈ থকা শিৱ দ’লৰ গৰ্ভগৃহত পৰিছে হাতুৰীৰ কোব।উঠাই দিয়া হ’ল শিৱ লিংগ তথা পূজা অৰ্চনা কৰা মাংগলীক মূৰ্তি।দলৰ গৰ্ভভাগৰ মজিয়া চূৰ্ণ বিচূৰ্ণ কৈ ভাঙি দিয়া হৈছে । শিৱসাগৰ নগৰক হেৰিটেজ চাইট হিচাপে ঘোষণা কৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰত ইয়াক প্ৰতিষ্ঠা কৰিবলৈ পণ লৈছে কেন্দ্ৰীয় পুৰাতত্ব বিভাগে। যাৰ বাবে বিভিন্ন সময়ত ভক্তপ্ৰাণ ৰাইজে দ’ললৈ উৎসৰ্গা কৰা শিৱ লিংগ,ত্ৰিশূল, ফেনা,বৃষভ ঈত্যাদি উভালি বাহিৰ কৰি দিয়া হৈছে দলৰ গৰ্ভগৃহৰ পৰা। কেৱল আহোম ৰজাই প্ৰতিষ্ঠা কৰি যোৱা কুণ্ডভাগহে ৰখা হ’ব দ’লৰ ভিতৰত।
সমান্তৰাল ভাৱে সকলো টাইলচ ভাঙি পুনৰ এবাৰ আহোম ৰজাই নিৰ্মাণ কৰি থৈ যোৱা মূল সুঁতিলৈ ঘূৰি যোৱাৰ প্ৰয়াস কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ ৷ কিছুদিন পূৰ্বে শিৱদ’লত উপস্থিত হৈ ষ্টেট ইনোভেচন এণ্ড ট্ৰেন্সফৰ্মেচন আয়োগ চমুকৈ SITA ৰ সহ-উপাধ্যক্ষ ৰমেন ডেকাই এই সন্দৰ্ভত সদৰি কৰিছিল।
প্ৰাকৃতিক দুৰ্যোগৰ পৰা হাত সাৰি থাকিব পৰাকৈ তাহানিৰ দিনতে নিৰ্মাণ কাৰ্যত ব্যৱহৃত থলুৱা উপাদান যেনে: হাঁহ কণী, বড়া চাউল, মাটি মাহ ইত্যাদিৰ যি গুণাগুণ সেইয়া এতিয়াও অক্ষুন্ন ৰখাৰ প্ৰয়াস ৷
আধুনিকতাৰ প্ৰলেপ সানি চিমেন্ট তথা অন্যান্য ৰাসায়নিক পদাৰ্থৰ বাবে যাতে দলৰ আয়ুস ৰেখাত ব্যাঘাত নজন্মে আৰু কোনো ধৰণৰ আঘাত নহয় এই বিষয়টোক গুৰুত্ব সহকাৰে লোৱাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিছে দল উন্নয়ন সমিতিৰ সম্পাদক বসন্ত গগৈয়ে ।