শিৱসাগৰঃ শিৱসাগৰত এখন ব্যৱসায়িক প্ৰতিষ্ঠানত বীৰ লাচিত সেনাৰ সাংগঠনিক সচিব শৃংখল চলিহাৰ হুংকাৰ। চহৰখনৰ মাজ মজিয়াত থকা ASTCৰ সমীপৰ বস্ত্ৰ ব্যৱসায়ী নাৰায়ণ পালক ৪৮ ঘণ্টাৰ ভিতৰত প্ৰতিষ্ঠানটো খালী কৰাৰ হুংকাৰ প্ৰদান কৰিলে বীৰ লাচিত অসম সংগঠনৰ বহু কেইজন বিষয়ববীয়াৰ সদস্যসহ কেন্দ্ৰীয় সাংগাঠনিক নেতা শৃংখল চলিহাই।

ঘটনা অনুসৰি, ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী নাৰায়ণ পালে কেইবাবছৰৰ আগৰ পৰাই কাপোৰৰ ব্যৱসায় কৰি আহিছিল যদিও প্ৰতিষ্ঠানটোৰ প্ৰকৃত স্বত্বাধিকাৰী ননী দেৱীয়ে নাৰায়ণ পালক বহু বছৰ ধৰি প্ৰতিষ্ঠানটো খালী কৰিবলৈ কৈ আহিছিল।

লগতে পঢ়কঃঅসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নদীবান্ধ বিৰোধী তীব্ৰ প্ৰতিবাদ

আনহাতে, ননী দেৱীয়ে ২০০১ চনৰ পৰায়ে তেওঁৰ পৰিয়ালক নাৰায়ণ পালে অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি অহাৰ লগতে প্ৰতিষ্ঠানখন নাৰায়ণ পালে খালী নকৰাত আইনৰ কাষ চাপি পালৰ বিৰুদ্ধে গোচৰ তৰিছিল।

ইতিমধ্যে নাৰায়ণ পালে আইনী ব্যৱস্থাৰ জৰিয়তে প্ৰতিষ্ঠানটোৰ ভাড়া দি আহিছে বুলি উল্লেখ কৰে। অৱশেষত আজি ননী দেৱী আৰু তেওঁৰ পৰিয়াল বৰ্গৰ কাষ চাপিল বীৰ লাচিত সেনা অসম।


আজি স্বামীহাৰা ননী দেৱী আৰু অসুখীয়া পৰিয়ালবৰ্গক উদ্ধাৰৰ বাবে ৰণচণ্ডী মূৰ্তী প্ৰদৰ্শন কৰি নেতা শৃংখল চলিহাই ৪৮ ঘন্টাৰ ভিতৰত নাৰায়ণ পালক প্ৰতিষ্ঠানটো খালী কৰিবলৈ তীব্ৰ হুংকাৰ প্ৰদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply