শিৱসাগৰঃ শিৱসাগৰত মৃত গৰুসহ মাৰুটি আৰ্টিগা এৰি গৰু চুৰৰ পলায়ন ।

বুধবাৰে নিশা শিৱসাগৰ আৰক্ষীয়ে চলোৱা অভিযানত ঐতিহাসিক ধাইআলিৰ দৰিকাঘাট অঞ্চলৰ দৰিকা দলংৰ ওপৰত এখন বিলাসী মাৰুটি আৰ্টিগা গাড়ী তালাচিৰ বাবে ৰখাই । আৰক্ষীৰ জালত পৰাৰ উমান পায়ে দলংৰ ওপৰতে গাড়ী ৰাখি ভিতৰত থকা চাৰি যুৱকে গাড়ী এৰি পলায়ন কৰে।

আৰু পঢ়কঃসাতশিয়াত প্ৰধান শিক্ষকৰ কামনাৰ বলি হ’ল এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী

ঘটনাৰ আকস্মিকতাত কিংকৰ্তব্য বিমোৰ শিৱসাগৰ আৰক্ষী। আৰক্ষীয়ে AS01 MA 8640 নম্বৰৰ মাৰুতি আৰ্টিগা গাড়ীখনৰ ভিতৰত তালাচি চলাই এটা মৃত গৰু উদ্ধাৰ কৰাৰ পিছত হে শিৱসাগৰ আৰক্ষী জ্ঞাত হয় যে তেওঁলোকৰ সন্মুখৰ পৰা পলায়ন কৰা দলটোৱেই হ’ল শিৱসাগৰ চহৰৰ লগতে গ্ৰামাঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰা হাই-প্ৰফাইল গৰু চুৰৰ দল ।

শিৱসাগৰ আৰক্ষীয়ে মৃত গৰুসহ বিলাসী মাৰুটি আৰ্টিগা গাড়ীখন শিৱসাগৰ সদৰ থানালৈ লৈ আহে। বৰ্তমান আৰক্ষীয়ে পলায়ন কৰা চুৰৰ দলটোৰ তদন্ত চলাই আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply