যুদ্ধ বিধস্ত ইউক্ৰেইনৰ পৰা আৰু ছয় গৰাকী অসমৰ ছাত্ৰ-ছাত্ৰী সুকলমে আহি ভাৰত পালেহি।
অসম চৰকাৰে বিদেশ মন্ত্ৰালয়ৰ সহযোগত যুদ্ধ বিধস্ত ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰে ছাত্ৰ ছাত্ৰীসকলক।
ছয়গৰাকী ছাত্ৰ ছাত্ৰী ইতিমধ্যে মুম্বাই আৰু দিল্লীত উপস্থিত হৈছে।
আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীক বিদেশ মন্ত্ৰালয়ে বিনমূলীয়াকৈ যুদ্ধ বিধস্ত অঞ্চলটোৰ পৰা আনিবলৈ সক্ষম হৈছে।
ভাৰতত আহি উপস্থিত হোৱা ছাত্ৰ ছাত্ৰী কেইগৰাকী হৈছে গুৱাহাটীৰ তন্ময়ী পৰাশৰ, ছিয়া দাস, ডেইজী বসুমতাৰী আৰু কৃত্তিকা বসন্ত। ইয়াৰ লগতে গহপুৰৰ অনুৰাগ ভূঞা আৰু শুৱালকুচিৰ হিমাশ্ৰী কাকতিয়ো ভাৰতত উপস্থিত হৈছে।
আটাইকেইগৰাকী ছাত্য ছাত্ৰীক মুম্বাই আৰু দিল্লীৰ বিমানবন্দৰৰ পৰা আনি অসম ভ্ৰমনতে ৰখা হৈছে।
অসম চৰকাৰে দিল্লী আৰু মুম্বাইৰ পৰা ঘৰলৈ অনাৰ ব্যবস্থা কৰিছে। আটইকেইগৰাকী ছাত্ৰ ছাত্ৰী ইউক্ৰেইনৰ বিভিন্ন শিক্ষানুষ্ঠানত মেডিকেল বিভাগত অধ্যয়ন কৰি আছিল।
ইউক্ৰেইনৰ পৰা ছয় গৰাকী অসমৰ ছাত্ৰ-ছাত্ৰী ভাৰত পালেহি
অসম চৰকাৰে বিদেশ মন্ত্ৰালয়ৰ সহযোগত যুদ্ধ বিধস্ত ইউক্ৰেইনৰ পৰা আনিলে ছাত্ৰ-ছাত্ৰীক
