৬ খন নৈশ বাচ জব্দ

টীয়ক : ৰাজ্য চৰকাৰৰ নতুন SOP অনুযায়ী কেৱল ব্যক্তিগত বাহনেৰেহে আন্তঃ জিলা যাতায়ত কৰিব পাৰিব বুলি ঘোষণা কৰিছিল ।চৰকাৰৰ এই নিৰ্দেশনাক আওকাণ কৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ড, অৰুণাচলৰ লগতে তিনিচুকীয়াৰ পৰা গুৱাহাটী,মংঙ্গলদৈ আদিলৈ চলাচল কৰা ৬ খনকৈ নৈশ বাছ টীয়কৰ আৰক্ষীয়ে জব্দ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিপৰীতে একাংশ বাছ মালিকে এনেদৰে বাছত সম্পূৰ্ণ যাত্ৰী কঢ়িয়াই নিতৌ নিশা চলাচল কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। আৰক্ষী বিশেষকৈ আন্তঃ জিলাৰ সীমা সমূহত থকা পহৰাদাৰী আৰক্ষীৰ বেহু ভেদ কৰি কেনেদৰে বাছসমূহ চলাচল কৰিবলৈ সক্ষম হল সেয়া ৰহস্যৰ বিষয় ।

ইপিনে টীয়কত নৈশ সান্ধ্যআইন উলংঘা কৰি চলাচল কৰা ৬ খন নৈশ বাচ যোৱা নিশা আৰক্ষীয়ে জব্দ কৰে । জাগুন , তিনিচুকীয়া , নাগালেণ্ডৰ পৰা অহা তেজপুৰ, নলবাৰী অভিমুখী নৈশ বাচ কেইখন জব্দ কৰে আৰক্ষীয়ে। জব্দ কৰা গাড়ী কেইখনৰ নম্বৰ হৈছে AS-12-AC-7087, AS-12-E-9381,, AS – 01-LC -1277, AR-02-6321, AS-01-HC-,1899, AS-12-AC-7087 । সম্পূৰ্ণ ভৰ্ত্তি কৈ যাত্ৰী কঢ়িয়াই অনা বাচকেইখন নৈশ সান্ধ্যআইন ভংগ কৰি কিদৰে তিনিচুকীয়া, ডিব্ৰুগড়, মৰাণ, ডিমৌ, শিৱসাগৰ, গৌৰীসাগৰ থানা পাৰহৈ টীয়ক পালেহি সেয়া ও এক ৰহস্য।

শেহতীয়া এছ অ পি মতে ৰাজ্যত আন্তঃজিলা যাতায়াত খুলি দিয়া হ’ল, কিন্তু ৰাজ্যৰ বাছ সেৱা আৰু নৈশ বাছ সেৱা এতিয়াও খুলি দিয়া নাই চৰকাৰে। কোৰোণাৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে আন্তঃজিলা বাছ সেৱা এতিয়াও খুলি দিয়া নাই। যাৰ ফলত সোমবাৰৰ পৰাই ৰাজ্যত ব্যাপক বিৰোধ আৰু প্ৰতিক্ৰিয়া হৈ আছে।


বাছমালিকসকলে নৈশ বাছ সেৱা চলাচলৰ অনুমতি দিয়াৰ বাবে অনুৰোধ কৰিছিল। উল্লেখ্য যে অসমত প্ৰায় ১৫০০ নৈশ বাছ আছে আৰু ইয়াৰ সৈতে ৬০০০ৰ অধিক পৰিয়াল জড়িত হৈ আছে। এই সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এতিয়াই ৰাজহুৱা পৰিবহন খুলি দিয়াটো সম্ভব নহয় বুলি জনাইছিল । অহা ১ ছেপ্টেম্বৰৰ পৰা খোলাৰ সম্ভাবনাৰ কথা উল্লেখ কৰিছিল । তাৰ মাজতে আৰক্ষীৰ চকুত ধূলি মাৰি এইবাছবোৰ কেনেদৰে চলিছে তাৰ উত্তৰ কোনে দিব।

লগতে পঢ়ক বৰছলাৰ ভৰাশিঙৰীত মহাবাহু ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply