নগাঁওঃ দেশ কপোৱা বটদ্ৰৱা কাণ্ডত অনিদ্ৰা অনাহাৰে দিন পাৰ কৰা ৬টি শিশুক উদ্ধাৰ নগাঁও চাইল্ড লাইনৰ। যি সময়ত বটদ্ৰৱা লংকাকাণ্ডই দেশ তথা সংবাদ মাধ্যম আৰু ৰাজনৈতিক মহলত ব্যাপক তোলপাৰ লগাইছে তেনে সময়তে বটদ্ৰৱা কাণ্ডত অঘৰী আৰু অভিভাৱকহীন হোৱা শিশুৰ কান্দোনে সকলোকে দুঃখিত কৰি তুলিছে।
লগতে পঢ়কঃমুখ্যমন্ত্ৰী হিমন্ত মামা, মোৰ মানুহ গৰাকীক সহায় কৰক, নহ’লে মই উপায়হীন
বটদ্ৰৱা কাণ্ডত মৃত ছফিকুল আৰু আত্মীয়ৰ দুটি শিশু মুকলি আকাশৰ তলত অনিদ্ৰা অনাহাৰে দিন কটাই থকাৰ বাতৰি সংবাদ মাধ্যতত সম্প্ৰচাৰ হৈছিল। শিশু দুটি হ’ল মৃত ছফিকুল ইছলামৰ ভাতৃৰ সন্তান। পিতৃ ৰফিকুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মাতৃ আছমিনা খাতুন পলাতক। তেওঁলোকৰ বাসগৃহটো আৰক্ষীয়ে ভাঙি লণ্ডভণ্ড কৰিছে। ছালনাবড়ি ৰাইজেও আৰক্ষীৰ ভয়ত আশ্ৰয় নিদিয়ে শিশুদুটিক। সোমবাৰে অনাই বনাই ঘূৰি ফুৰা শিশু দুটি চকুত পৰিল সাংবাদিকৰ। কেইজনমান সাংবাদিকে শিশুদুটিক কিছু খাদ্য যোগান ধৰে।
সংবাদ মাধ্যমত এই বাতৰি সম্প্ৰচাৰৰ পিছতেই আজি নগাওঁ চাইল্ড লাইনে আহোমগাওঁ আৰক্ষী পহৰা চকী, সচেতন ৰাইজ আৰু সাংবাদিকৰ সহযোগত মৃত ছফিকুল আৰু আত্মীয়ৰ ৬টাকৈ শিশু উদ্ধাৰ কৰি লৈ যায়। পিতৃ-মাতৃৰ অপকৰ্মৰ ফল এতিয়া ভোগ কৰিবলীয়া হৈছে শিশুসকলে। উদ্ধাৰৰ সময়ত এটি ফুলকুমলীয়া শিশুৰ কান্দোনৰ দৃশ্যই সকলোৰে মন সেমেকাই পেলায়।