বোকাখাত : ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ ৬ জন ড্ৰাগছ সৰবৰাহকাৰী। ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ কবলৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।
বোকাখাত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰিছে। এক গোপন খবৰৰ ভিত্তিত বোকাখাত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ৬ জনকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।
ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী কেইজনক হাতেলোতে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰিছে।
লগতে পঢ়ক : পলিথিনত ভৰাই নৱজাতকৰ মৃতদেহ পেলাই গ’ল ৰাজপথত
ড্ৰাগছ সৰবৰাহকাৰী কেইজন ক্ৰমে নিতু গগৈ, বাবুল ভৰালী, নুৰ ইছলাম, ৰাজীৱ চৌধুৰী, বিতোপন হাজৰিকা আৰু ফাৰুক ৰহমান। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী কেইজনক জেৰা চলাই আছে।