গুৱাহাটী : মহানগৰী গুৱাহাটীৰ লাখটকীয়াত এগৰাকী মহিলাসহ ছয় ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিছে। ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ কবলৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ১০ গ্ৰাম হে’ৰইন আৰু ১১ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ। পানবজাৰ আৰক্ষীয়ে চলাইছিল অভিযান।
ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই বহু ড্ৰাগছ মাফিয়াৰ আৰু সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হোৱাৰ লগতে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই প্ৰতিদিনে আৰক্ষীয়ে এটাৰ পিছত আনটো সাফল্য লাভ কৰি আছে।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰ আৰক্ষীও ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হৈ উঠা পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীটো আৰক্ষী জালত পৰিছে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰী। এইবাৰ পানবজাৰ আৰক্ষীৰ জালত পৰিছে এগৰাকী মহিলাসহ মুঠ ছায় জনকৈ ড্ৰাগছ সৰবৰাহকাৰী। লাখটকীয়াৰ পৰা এই ড্ৰাগছ সৰবৰাহকাৰী কেইজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
লগতে পঢ়ক : কেন্দ্রীয় স্বাধীনতা দিৱস উদযাপনৰ প্রস্তুতি পর্যালােচনা সভা
পানবজাৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত লাখটকীয়াত অভিযান চলাই ১০ গ্ৰাম হে’ৰইন আৰু ১১ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ মহিলাসহ ছায় ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন হৈছে আয়ান বৰা, অমৰ ৰায়, দেবাংগৰ দাস, ৰচিদুল আলী আৰু জেৰিনা বেগম।