মানকাচৰ – অসম-মেঘালয় সীমান্তত জব্দ ৬ লাখ টকা। দক্ষিণ চলামৰা মানকাচৰ জিলা প্ৰশাসন আৰু আৰক্ষীৰ অভিযানত জব্দ হয় টকাখিনি। তিনিজন লোকৰ পৰা জব্দ হয় টকাখিনি।

অসম বিধনাসভা নিৰ্বাচনৰ আচৰণ বিধি বলবৎ হোৱাৰ পিছৰে পৰা অধিক তৎপৰ হৈ পৰিছে ৰাজ্যৰ প্ৰতিখন জিলাৰ আৰক্ষী-প্ৰশাসন। কোনো লোকে যাতে নিৰ্বাচনৰ পূৰ্বে ধনৰ সৰবৰাহ কৰিব নোৱাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী-প্ৰশাসনে অধিক তীব্রতৰ কৰি তুলিছে তালাচি অভিযান।

ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ লগতে সীমান্তৰ অঞ্চল সমূহত আৰক্ষী-প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰখা পৰিলক্ষিত হৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাত অসম-মেঘালয় সীমান্তৰ মিৰজুমলাত জিলা প্ৰশাসন আৰু আৰক্ষীয়ে এক অভিযান চলাই ৬ লাখ টকা জব্দ কৰিবলৈ সক্ষম হয়। জিলা প্ৰশাসন আৰু আৰক্ষীয়ে তিনিজন লোকৰ পৰা জব্দ কৰে টকাখিনি।

শ্বৰীফ মিয়া, মবিনুৰ ইছলাম আৰু মকিম আক্রম জাবেদ নামৰ তিনিজন লোকে একেলগে ৬ লাখ টকা লৈ যাত্ৰা কৰি থকাত আৰক্ষী আৰু প্ৰশাসনে তালাচি চলাই লোক তিনিজনৰ পৰা টকাখিনি জব্দ কৰে। বৰ্তমান টকাখিনি মানকাচৰ থানাত জমা কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply