নিউজ ডেস্ক: মহানগৰীত নিশাৰ ভাগত এচাম সভ্য সমাজৰ উদন্ড যুবকৰ কাৰ্যই সকলোকে হতচকিত কৰিছে । শেহতীয়াকৈ যোৱা শণিবাৰে নিশা পানবজাৰৰ যশোৱন্ত পথত দুগৰাকী কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰি জেলৰ ভাত খাবলগীয়া হৈছে ৬ গৰাকী যুবক ।
এই ৬ গৰাকী যুবক আৰক্ষী আৰু চিকিৎসকৰ সন্তান । আৰক্ষীসুত্ৰৰ পৰা জানিব পৰা মতে গ্ৰেপ্তাৰ হোৱা যুবক কেইজন হ’ল চানমাৰী জ্যোতিনগৰৰ ২৩ বছৰীয়া প্ৰমোদ দাস, খাৰঘুলীৰ ২৩ বছৰীয়া অনুভৱ পান্ডে, চানমাৰীৰ নৱগিৰি পথৰ ২২ বছৰীয়া নিৰজ দত্ত, ৰিহাবাৰীৰ ২৩ বছৰীয়া হিমাংশু চৌধুৰী, পানবজাৰৰ ২২ বছৰীয়া অংকুৰজ্যোতি ৰয় আৰু ৰানীবাৰীৰ ২৩ বছৰীয়া গীত শংকৰ মজুমদাৰ ।
আৰক্ষী সুত্ৰে জানিব পৰা মতে পানবজাৰ থানাৰ যান-বাহন শাখাৰ দুই কনিষ্ঠবল অমিত দাস আৰু ঋতুপৰ্ণ শইকীয়াই নিশা কৰ্তব্য সমাপন কৰি যশোবন্ত নগৰৰ ভাড়াঘৰলৈ আহি ঘৰত থকা জাবৰ খিনি পেলাবৰ বাবে ওলাই আহে । সেই সময়তে AS01BY-0010নম্বৰৰ এখন গাড়ীয়ে খুন্দিওৱাৰ উপক্ৰম হয় ।
সেই সময়ত গাড়ী খনৰ চালকৰ আসনত থকা যুবক জনে দুই কনিষ্ঠবলক গেং লৈ আহি মাৰপিট কৰিম বুলি কৈ আতৰি যায় । কিছুসময়ৰ পিছত দহ/বাৰ জন যুবকক লৈ আহি কনিষ্ঠবল কেইজনক মাৰপিট কৰাৰ লগতে লাঠী, শিলেৰে আক্ৰমন কৰে । গাড়ীৰে চেপাৰো চেষ্টা চলায় ।
এই ঘটনাৰ পিছত কনিষ্ঠবল দুজনে পানবজাৰ থানাত গোচৰ ৰুজু কৰে । পানবজাৰ থানাই ৫৯৯/২১ নম্বৰত ২৪৯/১৪৩/৩২৫/৩০৭/৫০৬ ধাৰাত গোচৰ ৰুজু কৰে । ইয়াৰ ভিত্তিতে পানবজাৰ থানাই অভিযান চলাই ৬ জন যুবকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে । গ্ৰেপ্তাৰ কৰা যুবক কেইজন আৰক্ষী চিকিৎসকৰ পুত্ৰ বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক- অশোক শইকীয়াৰ জামিন মঞ্জুৰ কৰিলে আদালতে