নিউজ ডেস্কঃ অশান্ত জৰ্জৰ ইউক্ৰেইন। ইউক্ৰেইনত আবদ্ধ ভাৰতীয় সকলক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰে অভিযান অব্যাহত ৰাখিছে। বুধবাৰে ইউক্ৰেইনত অধ্যয়নৰত অসমৰ ৬গৰাকী শিক্ষাৰ্থী সুকলমে স্বগৃহত উপস্থিত হয়।
মঙলবাৰে দিল্লী পোৱাৰ পিছত আজি বৰঝাৰ বিমানবন্দৰত আহি উপস্থিত হ’ল ইউক্ৰেইনৰ পৰা অহা ৬ গৰাকীকৈ ছাত্ৰী।
ছাত্ৰীকেইগৰাকী হ’ল অলিভিয়া ৰাজমেধি, ফাৰমিন নাচৰিন চুলতানা, প্ৰতীক্ষা গগৈ, কৰিণা বৰা, উদাংগশ্ৰী বসুমতাৰী আৰু বাস্তবিকা দাস।
নিজ মাতৃভূমিত উপস্থিত হৈ ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিলে গোটেই কেইজন শিক্ষাৰ্থীয়ে ।
ফাৰমিন নাচৰিন চুলতানা নামৰ ছাত্ৰীগৰাকী ইউক্ৰেইনৰ উজৱৰ্ড বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞান বিভাগৰ ছাত্ৰী আছিল ৷
লগতে পঢ়কঃইউক্ৰেইনলৈ বিশ্ব বেংকৰ ৩ বিলিয়ন মাৰ্কিন ডলাৰৰ জৰুৰীকালীন পেকেজ