গুৱাহাটী : বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালৰ উদ্যোগত আন্তঃমহাবিদ্যালয় শ্ল’গান লিখা প্ৰতিযোগিতা। আন্তঃৰাষ্ট্ৰীয় মাদকদ্ৰব্য নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ দিৱস উপলক্ষে বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ে আন্তঃমহাবিদ্যালয় শ্ল’গান লিখা প্ৰতিযোগিতা আয়োজন কৰিছে।
২৬ জুনত আন্তঃৰাষ্ট্ৰীয় মাদকদ্ৰব্য নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ দিৱস উপলক্ষে তিনিচুকীয়া জিলাৰ ডুমডুমাস্থিত বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ে আন্তঃমহাবিদ্যালয় শ্ল’গান লিখা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতাখনৰ মূল বিষয় হৈছে মাদকদ্ৰব্য নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ। উচ্চতৰ মাধ্যমিক আৰু স্নাতক মহলাৰ ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।
লগতে পঢ়ক : সোণাৰিত সাতটাকৈ মৈদাম উদ্ধাৰ, চিনাক্তকৰণৰ লগতে সংৰক্ষণৰ দাবীত স্মাৰকপত্ৰ
অসমীয়া, ইংৰাজী অথবা হিন্দী ভাষাত শ্ল’গানসমূহ লিখিব পৰিব প্ৰতিযোগী সকলে। ২৫ জুনৰ সন্ধিয়া ৭ বজাৰ ভিতৰত শ্ল’গানসমূহ জমা দিব লাগিব। ২৬ জুনৰ সন্ধিয়া ৫ বজাত এই প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰা হ’ব। প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগীক আকৰ্ষণীয় পুৰস্কাৰ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব। অধিক জানিবলৈ আহ্বায়িকাদ্বয় অন্বেষা গগৈৰ ৮৪৮৬৮ ৯৪২৪৬ আৰু কৰবী দত্তৰ ৯৮৬৪৬ ৮৩১৯৯ মবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব।