ছয়গাঁও : উদ্যোগিক বিকাশ কেন্দ্ৰত লাজুকী বান্দৰ। ছয়গাঁও উদ্যোগিক বিকাশ কেন্দ্ৰৰ ভিতৰত মঙলবাৰে দুষ্প্ৰাপ্য লাজুকী বান্দৰ এটা উদ্ধাৰ কৰা হয়।

একাংশ সচেতন লোকে লাজুকী বান্দৰটো প্ৰত্যক্ষ কৰি বকোস্থিত শিংৰা বনাঞ্চলিক কাৰ্যালয়ত খবৰ দিয়ে। খবৰ পাই বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ লাজুকী বান্দৰটো উদ্ধাৰ কৰি বকো বন বিভাগৰ কাৰ্যালয়লৈ আনে।

আৰু পঢ়কঃ মাৰ্ঘেৰিটাত ভেকচিন শিবিৰ পৰিদৰ্শন কৰিলে ৰামেশ্বৰ তেলী আৰু অতুল বৰাই

ইফালে উদ্যোগিক বিকাশ কেন্দ্ৰৰ ভিতৰত লাজুকী বান্দৰটো কেনেকৈ আহিল এই এই সম্পৰ্কে বর্তমানলৈকে জানিব পৰা হোৱা নাই। সন্ধিয়াৰ ভাগত শিংৰা বনাঞ্চলত লাজুকী বান্দৰটোক মুকলি কৰি দিয়া হ’ব বুলি বন বিভাগে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply