জাহিদুল আলী

গুৱাহাটী: গুৱাহাটী মহানগৰীৰ ছয়মাইল অঞ্চলত যোৱা নিশা সংঘটিত হয় এক হত্যাকাণ্ডৰ ঘটনা । দুৰ্বৃত্তই হত্যা কৰিলে এগৰাকী ব্যবসায়ীক । শনিবাৰে নিশা ছয়মাইলৰ সমীপৰ দ্বাৰন্ধা পথত সংঘটিত হয় এই ঘটনা । মৃত ব্যক্তিজনৰ নাম জাহিদুল আলী বুলি জানিব পৰা গৈছে। জাহিদুল আলী পেচাত এগৰাকী পাচলি ব্যৱসায়ী ।

দোকান বন্ধ কৰি ঘৰলৈ ওভতাৰ সময়ত এই ঘটনাটো সংঘটিত হয় বুলি আৰক্ষী সুত্ৰত প্ৰকাশ ।
দুৰ্বৃত্তই ডিঙি ৰেপি পথৰ দাঁতিত পেলাই থৈ যায় জাহিদুলক । পাৰিবাৰিক সংঘাতৰ ফলতেই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ । পত্নীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছে জাহিদুলৰ পৰিয়ালে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply