নিউজ ডেস্ক: যি সময়ত চৰকাৰে সকলোৰে বাবে কিবা এটা কৰাৰ সংকল্প লোৱাৰ কথা প্ৰকাশ কৰিছে সেই একেটা সময়তে সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে কপালৰ ঘাম মাটিত পেলাই আৰম্ভ কৰা ক্ষুদ্ৰ চাহ বাগিচা সমূহলৈ পিঠি দিয়া দেখা গৈছে ।
এই ক্ষুদ্ৰ চাহ বাগিছা স্থাপনৰ জৰিয়তে স্বাবলম্বিতাৰ দিশত খোজ পেলোৱাৰ লগতে অৰ্থনৈতিক আৰু সেউজ বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে । কিন্তু এই খাটিখোৱা ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ কঠোৰ শ্ৰম আৰু কষ্টৰ ফলত উৎপাদন হোৱা কেঁচা চাহ পাতৰ উচিত মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত কোনো এখন ৰাজ্য চৰকাৰে গ্ৰহণ নকৰিলে কোনো ধৰণৰ উপযুক্ত পদক্ষেপ।কেঁচা চাহ পাতৰ উপযুক্ত মূল্য নিৰ্ধাৰণ কিম্বা ক্ষুদ্ৰ চাহ খেতিয়কৰ বিভিন্ন সমস্যা সমাধানৰ বাবে টি মণিটৰিং কমিটি আৰু ভাৰতীয় চাহ বোৰ্ডৰ দৰে বিয়াগোম চৰকাৰী সংস্থাবোৰ আছে যদিও এইক্ষেত্ৰত ৰহস্যজনক ভাবে মৌন তেওঁলোক।
ৰাজ্য চৰকাৰসমূহক প্ৰতিটো সময়ত ডাঙৰ ডাঙৰ চাহ বাগিছা সমূহ ভবিষ্যতক লৈ চিন্তা কৰা দেখা যায় | কাৰণ এইসকল ডাঙৰ বেপাৰীক গুৰুত্ব নিদিলে তেওলোক ইয়াৰ পৰা আতৰি যোৱাৰ শংকাও নথকা নহয় | একমাত্ৰ লোকচানৰ দোহাই দি প্ৰতিষ্ঠিত চাহ কোম্পানীয়ে অসম এৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে | মেকলয়ড ৰাছেল প্ৰাইভেট লিমিটেড কোম্পানীয়ে বাগিচা বিক্ৰী আৰম্ভ কৰিছে | জেমছ ৱাৰেন্ট কোম্পানীয়েও লোকচানৰ বাবেই বিক্ৰীৰ বাবে সাজু কৰিছে বহু বাগান । উইলিয়ামছন মেগৰ , টাটা কোম্পানীয়ে ইতিমধ্যে বিক্ৰী কৰিছে বহুবোৰ চাহ বাগিছা ।
কেঁচা চাহ পাতৰ উৎপাদনৰ হাৰ জুন মাহৰ পৰা বৃদ্ধি হোৱাৰ লগে লগে বছৰি কমিবলৈ আৰম্ভ কৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত ফচল কেঁচা চাহ পাতৰ দাম।
বৃহৎ পুঁজিপতি চাহ কোম্পানী আৰু বটলিফ ফেক্টৰীৰ মালিকে নিজ খেয়াল খুচিমতে জুন মাহৰ পৰা কেঁচা চাহ পাতৰ দাম ক্ৰমান্বয়ে হ্ৰাস কৰি অনাৰ ফলত প্ৰতি বছৰে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈ আহিছে ক্ষুদ্ৰ চাহ খেতিয়কৰ।
চলিত বৰ্ষৰ মাৰ্চ,এপ্ৰিল আৰু মে’ মাহত প্ৰতিকেজি কেঁচা চাহ পাতৰ দাম ৩০ টকাৰ পৰা ৪২ টকা পৰ্য্যন্ত হৈছিল যদিও জুন মাহৰ পৰা ইয়াৰ দাম কমি কমি এতিয়া হৈছেগৈ ১৬/১৭ টকা।সাৰ,কীটনাশক, ভিটামিন আদিৰ উৰ্দ্ধমুখী মূল্য, শ্ৰমিকৰ মজুৰি বৃদ্ধিকে ধৰি ঘৰুৱা ব্যয়,সন্তানৰ পঢ়া-শুনাৰ খৰছ,নিত্য ব্যৱহৃত সা-সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি,চিকিৎসা ব্যয়ৰ লগতে আন আন আনুসংগিক খৰছ থকা ক্ষুদ্ৰ চাহ খেতিয়কৰ বৰ্তমানৰ ১৬/১৭ টকা দৰত চাহপাত বিক্ৰী কৰিলে লোকচানৰ সন্মুখীন হব | বহু খিনি ক্ষুদ্ৰ চাহ খেতিয়কে সদ্যহতে কেঁচাপাত নিচিঙাৰ সিদ্ধান্ত লৈছে । কাৰন পাত চিঙিলে তেওলোকৰ খৰচ দিনক দিনে বাঢ়ি যাব ।
সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সাধাৰণ সম্পাদক কৰুণা মহন্তই কয় যে অসমৰ উৎপাদিত মুঠ চাহ ৫২ শতাংশ উৎপাদন কৰা অসমৰ ডেৰ লাখতকৈও অধিক ক্ষুদ্ৰ চাহ খেতিয়কে প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে প্ৰায় ১৫ লাখ লোকক সংস্থাপন দি আহিছে। অসম চৰকাৰৰ সদ্য প্ৰকাশিত বাজেটতো ক্ষুদ্ৰ চাহ খেতিয়কৰ উন্নয়নৰ বাবে কেনে ধৰণৰ পুজি আবন্টন দিয়াতো স্পষ্ট নহল। অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলক বৃহৎ চাহ গোষ্ঠী আৰু ব্ৰটলিফ ফেক্টৰী সমূহে কেঁচা চাহপাতৰ উচিত মূল্য দিয়াৰ লগতে উন্নত মানৰ চাহ উৎপাদন কৰিবলৈও আহ্বান জনায়।