বিশ্বনাথ: চাহ উদ্যোগলৈ ৰাজ্য চৰকাৰৰ বহুতো আঁচনি , ইয়াৰ পিছতো ক্ষুদ্ৰ চাহখেতিৰে স্বাবলম্বী হ’ব খোজা যুবক যুবতীসকলে বছৰি চিজনৰ সময়ত সমস্যাৰ সন্মুখীন হৈ আহিছে । এইবাৰো একেখনেই ছবি, মে’ মাহত কেঁচা পাতৰ উৎপাদন কম থকা অৱস্থাত প্ৰতি কেজিত ৩৭ টকালৈকে লাভ কৰিছিল যদিও জুন মাহত কেঁচাপাতৰ উৎপাদন বৃদ্ধিৰ লগে লগে কেঁচা পাতৰ মূল্য ধাৰাবাহিকভাবে হ্ৰাস হ’বলৈ ধৰে।জুলাই মাহত কেঁচাপাতৰ মূল্য ১৭টকালৈ হ্ৰাস পায়।

যাৰ ফলত ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে। জুন মাহত বিশ্বনাথৰ উপায়ুক্তৰ উপস্থিতিত হৈ যোৱা টি মনিটৰিং কমিটিৰ আলোচনাত (Tea Monitoring bored) সৰ্বসন্মতিক্ৰমে ২৮.৭২ টকা নিৰ্ধাৰণ কৰাৰ পিছতে বটলিফ ফেক্টৰি সমূহে চাহৰ মূল্য হ্ৰাস কৰে।

কলঘৰ মালিকসকলে ক্ষুদ্ৰ চাহ খেতিয়কক এই মূল্য প্ৰদান কৰাত ব্যৰ্থ হোৱাৰ বিষয়টো অভিভাৱক মন্ত্ৰী পিয়ুষ হাজৰিকাৰ উপস্থিতিত জিলা উপায়ুক্তক অৱগত কৰা হৈছিল।
তেওঁ এই সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে যদিও আজিলৈকে কোনো ফলপ্ৰসূ ব্যৱস্থা নললে।

এতিয়া বিশ্বনাথৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে। শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে চাহপাত তোলা কাৰ্য্য অনিৰ্দিষ্ট কালৰ বাবে বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি বিশ্বনাথ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি ৰাজীৱ শইকীয়া আৰু সম্পাদক ভৰত কলিতাই জানিবলৈ দিছে।

চাহপাতৰ উৎপাদন ব্যয় আজি ক্ষুদ্ৰ চাহ উদ্যোগী সকলে নোপোৱাৰ ফলতেই চাহ খেতিয়ক সকলে বছৰি চাহপাত সমূহ ৰাস্তাত পেলাই বছৰি প্ৰতিবাদ কৰি আহিছে তাৰ পিছতো তেওলোকৰ দুৰ্দশা শুনিবলৈ যেন আজি কোনো নাই ।

লগতে পঢ়ক গুৱাহাটী প্ৰেছ ক্লাবত ফটো সাংবাদিক ডানিছ ছিদ্দিকীলৈ শ্ৰদ্ধাঞ্জলি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply