চাহ বাগিচাত পোকৰ সন্ত্ৰাস

স্মৃতি ৰেখা লাহন, টীয়ক : এফালে ক’ভিডৰ সন্ত্ৰাসত আতংকিত হৈছে ৰাইজ । লকডাউনৰ শংকাতো ৰাইজ চিন্তিত তাৰ মাজতে টীয়ক অঞ্চলৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলক বৰ্তমান সময়ত এবিধ পোকে বাৰুকৈয়ে জ্বলাকলা খুৱাইছে ।

যোৱা বছৰ লকডাউনৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়কসকল বৃহৎ লোকচানৰ সন্মুখীন হৈছিল যদিও এইবাৰ ক’ৰোনাই মহামাৰী ৰূপ ধাৰণ কৰিলেও চাহ ফেক্টৰি বোৰ খুলি ৰখাত বাগিচাৰ উৎপাদিত কেঁচা চাহপাত খিনি ফেক্টৰিত দিব পাৰিছিল ।

কিন্তু শেহতীয়াকৈ লুপাৰ নামৰ এবিধ পোকৰ সন্ত্ৰাসে চাহ খেতিয়ক সকলৰ জীৱনলৈ অমানিশা নমাই অনাৰ উপক্ৰম ঘটিছে । নিশাটোৰ ভিতৰতে পোক বিধে বিঘাই বিঘাই কেঁচা চাহপাত খাই নষ্ট কৰিছে বাগিচাৰ ।

নিজৰ গাঁঠিৰ ধন ভাগি কৰা চাহখেতি ডৰাত পোকৰ এই আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষ বিশেষকৈ যোৰহাটস্থিত টোকলাই চাহ গৱেষণা কেন্দ্ৰক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে চাহ খেতিয়ক সকলে।

কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকল আছে যদিও এই পোকৰ উপদ্ৰবৰ পৰা ৰক্ষা পাবলৈ কোনো প্ৰতিকাৰ দিব পৰা নাই । কৃষকসকলে জনোৱা মতে পোকৰ এই উপদ্ৰব বন্ধ নকৰিলে অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল আগন্তুক দিনত ভয়ানক বিপদত পৰিব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply