অন্ধকাৰ নামিছে ক্ষুদ্ৰ চাহ উদ্যোগলৈ

সোণাৰি : ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ স্বাৰ্থত কেঁচা চাহ পাতৰ উচিত মূল্য নিৰ্ধাৰণৰ দাবী উত্থাপন কৰিছে চৰাইদেউ জিলা ছাত্ৰ সন্থাই। উল্লেখ্য যে, বৰ্তমান সময়ত সমগ্ৰ অসমৰ লগতে চৰাইদেউ জিলাতো চাহ কলঘৰসমূহেও ভাৰতীয় চাহ নিগমৰ নিৰ্দেশনাৰ দোহাই দি ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ কেঁচা চাহ পাতৰ মূল্য অত্যন্ত হ্ৰাস কৰি নিৰ্ধাৰণ কৰা পৰিলক্ষিত হৈছে।

ফলত চৰাইদেউ জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে অত্যন্ত লোকচানৰ সন্মুখীন হৈ পানীত হাঁহ নচৰা অৱস্থা হৈছে। যিহেতু চৰাইদেউ জিলাৰ বৃহৎ সংখ্যক জনসাধাৰণৰ জীৱন-জীৱিকা ক্ষুদ্ৰ চাহ খেতিৰ ওপৰত নিৰ্ভৰশীল। এনেধৰণৰ কেঁচা চাহ পাতৰ মূল্য হ্ৰাসৰ সিদ্ধান্তই খেতিয়কসকলৰ জীৱিকা সম্পূৰ্ণ বন্ধৰ উপক্ৰম হোৱাৰ লগতে জিলাখনৰ অৰ্থনৈতিক পৰিকাঠামো ভাঙি পেলাব।

সেয়েহে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ স্বাৰ্থত চাহ কলঘৰ সমূহে কেঁচা চাহ পাতৰ উচিত মূল্য নিৰ্ধাৰণৰ হেতু যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰাইদেউ জিলা উপায়ুক্তক আজি এখন স্মাৰক পত্ৰ প্ৰদান কৰে চৰাইদেউ জিলা ছাত্ৰ সন্থাই। চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিলীপ বড়া আৰু সাধাৰণ সম্পাদক অনুপজ্যোতি ভূঞা স্বাক্ষৰিত স্মাৰক পত্ৰ যোগে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ স্বাৰ্থত অতিশীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

লগতে পঢ়ক বিশিষ্ট চিন্তাবিদ, মানবতাবাদী লেখিকা ড: অনিমা গুহ দেহাৱসান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply