অন্ধকাৰ নামিছে ক্ষুদ্ৰ চাহ উদ্যোগলৈ

বিগত বৰ্ষৰ জলবায়ুৰ পৰিৱৰ্তনৰ লগতে চাহগছত পোকে আক্ৰমন কৰাৰ ফলত এইবাৰ কেঁচা পাতৰ উৎপাদন যথেষ্ট পৰিমানে হ্ৰাস পাইছে । এনে এটা অবস্থাত শেহতীয়াকৈ কেঁচা চাহপাতৰ মূল্য হ্ৰাসে সমস্যাৰ সৃষ্টি কৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলক।
উল্লেখ্য যে উজনি অসমৰ গ্ৰাম্য অৰ্থনীতিত যথেষ্ট পৰিমানে অৰিহণা আগবঢ়োৱা ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কেঁচা চাহপাতৰ উপযুক্ত মূল্য নোপোৱাৰ অভিযোগ বৃহৎ চাহ গোষ্ঠীৰ কলঘৰ সমূহৰ বিৰুদ্ধে।

এই কলঘৰ সমূহে সময়ে সময়ে নিজাববীয়াকৈ কেঁচা চাহপাতৰ মূল্য বঢ়োৱা কমোৱা কৰি অহাৰ ফলত খেতিয়কসকল সমস্যাৰ সন্মুখীন হৈ আহিছে । এইসকলক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে সদায়েই গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি আহিছে ক্ষুদ্ৰ চাহ ব্যবসায়ীসকলে ।
অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ সমস্যাসমূহৰ সমাধানৰ আহ্বান ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ।

লগতে পঢ়ক সোণাৰিত প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয় যোজনাৰ অধীনত সৌৰশক্তি চালিত নলীনাদ উদ্বোধন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply