গোৰেশ্বৰঃ তামুলপুৰ জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত বেঙেনাহাটীত চাৰিদিন ধৰি নিৰ্গত হৈছে বিষাক্ত ধোঁৱা। ১২ ছেপ্তেম্বৰ পৰা গোৰেশ্বৰৰ বেঙেনাআটী অঞ্চলত মাটিৰ পৰা নিৰ্গত হৈ থকা ধোঁৱাই সৃষ্টি কৰিছে আতংকময় পৰিৱেশৰ। মাটিৰ তলৰপৰা প্ৰতিদিনে ধোঁৱা ওলাই আছে যদিও ইয়াৰ কোনো সঠিক উত্তৰ লাভ কৰিব পৰা হোৱা নাই। ঘটনাস্থলীত যি ধোঁৱা নিৰ্গত হৈছে সেয়া অতিকৈ দুৰ্গন্ধময়। আনকি ঠাই টুকুৰাৰ মাটিও গৰম হৈ পৰা দেখা গৈছে। সম্প্ৰতি গোৰেশ্বৰ থানাৰ আৰক্ষী, গোৰেশ্বৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, স্থানীয় বিটিআৰৰ জনপ্ৰতিনিধি আৰু গোৰেশ্বৰ বিজ্ঞান সমিতিৰো লাগিছে ঘটনা উৎস বিচাৰি হাহাঁকাৰ৷ প্ৰকৃততে কিহৰ বাবে চাৰিদিন মাটিৰ পৰা গেছ নিৰ্গত হৈছে তাৰ প্ৰকৃত কাৰণ জনা হোৱা নাই।
ইপিনে ১৫ ছেপ্টেম্বৰত প্ৰশাসন আৰু গোৰেশ্বৰ বিজ্ঞান সমিতিৰ এটা দলৰ উপস্থিতিত সন্ধিয়া ৮ মান বজাত জেচিবিৰে মাটি খান্দি ধোঁৱা ওলোৱাৰ উৎস বিচাৰিও কোনো সুফল নাপালে। গৰম গেছ নিৰ্গত হৈ থকাৰ বাবে মাটি শুকান হৈ পৰিছে। মাটি খান্দি দিয়াৰ পিছত এতিয়া গৰম পানী নিৰ্গত হ’বলৈ লৈছে। প্ৰশাসনে ঠাই টুকুৰা বাঁহৰে আবৰি ৰাখি পৰিস্থিতিৰ তদাৰক কৰি আছে যদিও বিজ্ঞান সমিতিৰ উচ্চপদস্থ লোক উপস্থিত হোৱাৰ পিছতহে উৎসৰ প্ৰকৃত সন্ধানত নামিব বুলি জানিবলৈ দিছে। ঘটনা সন্দৰ্ভত বৰ্তমান গোৰেশ্বৰ অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰিছে আৰু এয়া ভূতত্বৰ কোনো বিসংগতিৰ বাবে হ’ব পাৰে বুলি শংকিত কৰা হৈছে। গোৰেশ্বৰ আৰক্ষীয়েও প্ৰতিটো মুহূৰ্ততে উক্ত ঘটনাত নজৰ ৰাখিছে যদিও ভূতত্ববিদে বিজ্ঞানসন্মতভাৱে পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব।