গুৱাহাটীঃ কঠোৰ আইন আৰু নিৰাপত্তাৰ মাজতো ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায়। শনিবাৰে মিছা আৰক্ষীয়ে জব্দ কৰিলে গৰু ভৰ্তি এখন যাত্ৰীবাহী বাছ। বাছখনৰ ভিতৰত আছিল ৩৫টাকৈ গৰু।
এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে নগাঁৱৰ মিছাত চলোৱা এক অভিযানত জব্দ হয় গাড়ীখন। আৰক্ষীয়ে জনোৱা অনুসৰি, জখলাবন্ধাৰ ফালৰ পৰা আহি থকা নৈশ বাছখন মেঘালয় অভিমুখে গৈ আছিল। আৰক্ষীয়ে বাছখন ৰখাই তালাচী চলাওতে প্ৰকৃত ঘটনা পোহৰলৈ আহে।
গৰু কঢ়িয়াই অনা বাছখনৰ নম্বৰ এছ ০১ ডিচি৪৪৪২।
অৱশ্যে, গাড়ীখনৰ চালক আৰু কণ্ডাক্টৰ কৌশলেৰে বাছখনৰ পৰা পলাই যায়। আৰক্ষীয়ে উদ্ধাৰ কৰা গৰুবোৰ নগাঁৱৰ গোশালালৈ প্ৰেৰণ কৰিছে।
আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।