
যোৰহাট– যোৰহাটত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ । এক গোপন সূত্ৰৰ তথ্য় লাভ কৰি যোৰহাট আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা জব্দ কৰে গাঞ্জাখিনি। লগতে আৰক্ষীয়ে আটক কৰে ট্ৰাক চালক হাফিজুৰ মণ্ডলক। আৰক্ষীয়ে জনোৱা মতে গাঞ্জাখিনি ত্ৰিপুৰাৰ পৰা অনা হৈছিল আৰু বৰপেটাৰ হাউলিলৈ প্ৰেৰণ কৰা কথা আছিল। ট্ৰাকখনৰ নম্বৰ এএছ-১৯চি-৫৫৩৪। জব্দ কৰা গাঞ্জাখিনিৰ আনুমানিক মূল্য প্ৰায় ১.৫কোটি বুলি আৰক্ষীৰ পৰা জানিব পৰা গৈছে।
বৰ্তমান আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এই ঘটনাৰ লগত জড়িত অধিক লোকক সোনকালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হ’ব বুলি তদন্তকাৰী বিষয়াই অৱগত কৰে।