গুৱাহাটী : অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুতেই আলফা (স্বাধীন)য়ে অ এন জি চিৰ লাকোৱা ৮ নং তৈল ক্ষেত্ৰৰ অধীনস্থ বাগান তিনিলিৰ ৰোমানিয়া ১০৩ নং ৱক অভাৰ ঋগৰ পৰা তিনি অসমীয়া থলুৱা কৰ্মচাৰীক অপহৰণ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিছে বিশ্ব সংবিধান সংসদ সংস্থাৰ আন্তৰাষ্ট্ৰীয় সদস্য, অৰ্ধ শতাধিক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মানৱতা তথা শান্তি বঁটা প্ৰাপক মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই।ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে অনাকাংক্ষিতভাৱে অসমীয়া খিলঞ্জীয়া অ এন জি চি কৰ্মচাৰীক অপহৰণ কৰি সন্দেহযুক্ত আলফাই সমগ্ৰ অসমবাসীৰ লগতে বিশ্ব বাসীৰ ওচৰত স্বাৰ্থপৰ স্বৰূপ উদঙাই দেখুৱাইছে।

সততে বিপ্লৱৰ কথা কোৱাৰ লগতে থলিগিৰীৰ কথা কোৱা এই অপহৰণকাৰী সন্দেহযুক্ত আলফাই তৈল ক্ষেত্ৰ, প্ৰাকৃতিক সম্পদ আদিৰ অধিকাৰৰ কথা কোৱাৰ লগতে থলগিৰীৰ নিয়োগৰ কথা সময়ে সময়ে কৈ আহিছে কিন্তু ধেমাজি কাণ্ডকে ধৰি এনে বহু উদাহৰণৰ লগতে শেহতীয়াকৈ অসমীয়া খিলঞ্জীয়ক অপহৰণ কৰি তেঁওলোকে পুনৰবাৰ সন্ত্ৰসবাদীৰ চৰিত্ৰ প্ৰকাশ কৰিছে বুলি মন্তব্য কৰে ডঃ দিব্যজ্যোতি শইকীয়াই। যদি তেওঁলোকৰ কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে কিবা কৰিবলগীয়া আছে তেতিয়া হ’লে কেন্দ্ৰীয় চাৰকাৰলৈ বাৰ্তা প্ৰেৰণ কৰক। আলফাৰ এনেবোৰ কাৰ্যৰ ফলত থলুৱা যুৱপ্ৰজন্মই কি সাহসত অ এন জি চি বা তৈল ক্ষেত্ৰত চাকৰি কৰিব ই এক চিন্তাৰ বিষয় বুলি মন্তব্য প্ৰকাশ কৰি ডঃ শইকীয়াই পুনৰ কয় যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি আলোচনা কৰাৰ পৰিৱেশ সৃষ্টি কৰক। সংশ্লীষ্ট কৰ্তৃপক্ষৰ উপৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যাতে উক্ত অপহৰণ কাণ্ডৰ সন্দৰ্ভত উচিত ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবেও দাবী জনায় ডঃ দিব্যজ্যোতি শইকীয়াই।

ইফালে আলফা (স্বাধীন)ৰ অপহৰণ কাণ্ডক গৰিহণা দি অসম সত্ৰ সভাই ইয়াক খিলঞ্জীয়া অসমীয়াৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰে। অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই সংবাদ মাধ্যমলৈ এক প্ৰেছ বিবৃত্তি প্ৰেৰণ কৰি আলফা (স্বাধীন) ভৱিষ্যতে কোনো কাৰণতে খিলঞ্জীয়া লোকৰ ওপৰত এনে অত্যাচাৰ নকৰিবলৈ সকীয়ানি প্ৰদান কৰে। উল্লেখ্য যে অসমৰ কবলৰ পৰা সেনাই অ এন জি চিৰ দুই কৰ্মচাৰী মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক উদ্ধাৰ কৰিছে। দেওবাৰে পুৱাৰ ভাগত উদ্ধাৰ হোৱা দুই কৰ্মচাৰীক সোণাৰীলৈ আনে আৰক্ষীয়ে। দুয়োকে সেনাই নাগালেণ্ডৰ মন জিলাৰ টটক চিংনু বস্তিৰ অৰণ্যৰ মাজৰ পৰা উদ্ধাৰ কৰিছিল। ইফালে আলফা (স্বাধীন)য়ে অপহৰণ কৰা আনগৰাকী কৰ্মচাৰী ৰিতুল শইকীয়াৰ বৰ্তমানলৈকে কোনো সন্ধান নাই। ৰিতুল শইকীয়াৰ সন্ধানত আছাম ৰাইফলছ আৰু নাগালেণ্ড টেৰিটৰিয়েল আৰ্মীয়ে অভিযান অব্যাহত ৰাখিছে। আনফালে শনিবাৰে আলফা (স্বধীন)য়ে এক প্ৰেছ বিবৃত্তি যোগে জানিবলৈ দিয়ে যে তেওঁলোকে অপহৃত কেইজনক এৰি দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply