সোণাৰি : অসম চৰকাৰৰ সমাজ কল্যাণ সঞ্চালকালয়ৰ সৌজন্যত তথা জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আজি চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত সমাজ কল্যাণ বিভাগে ৰূপায়ণ কৰা আঁচনিসমূহৰ ওপৰত এখনি পৰ্যালোচনা সভা অনুষ্ঠিত হয় । ভাৰপ্ৰাপ্ত উপায়ুক্ত জাবেদ আৰমানৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত সমাজ কল্যাণ সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক মঞ্জুৰি বৰঠাকুৰ, উপ-সঞ্চালক দেবেন ভূঞা আৰু ৰাজ্যিক মহিলা সমল কেন্দ্ৰৰ ৰাজ্যিক প্ৰকল্প সমন্বয়ক ৰুবী ভাগৱতী শৰ্মা উপস্থিত থাকে ।
ভাৰপ্ৰাপ্ত উপায়ুক্ত জাবেদ আৰমানে উদ্দেশ্য ব্যাখ্যা আগবঢ়াই কয় যে “চৰাইদেউ জিলা সমাজ কল্যাণ বিভাগে অতি নিয়াৰিকৈ বিভাগৰ প্ৰতিটো আঁচনিৰ কাম সমাপণ কৰি আহিছে । নতুন জিলা হিচাপে বিভিন্ন অসুবিধাৰ মাজতো বিভাগটোৱে এক গতি লাভ কৰিবলৈ সক্ষম হৈছে ।” তেওঁ লগতে কয় যে বৰ্তমান চৰাইদেউ জিলাত ভালেসংখ্যক মানসিক বিকাৰগ্ৰস্থ লোক দেখিবলৈ পোৱা যায় । কিন্তু তেওঁলোকক চৰকাৰী সা-সুবিধা দিব পৰা নাই । সেয়ে উৰ্দ্ধতন কৰ্তৃপক্ষক এইক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায় ।
সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া জাহ্নৱী গোস্বামীয়ে জিলাখনত ৰূপায়ণ হৈ থকা সমাজ কল্যাণ বিভাগৰ বিভিন্ন আঁচনিসমূহৰ অগ্ৰগতিৰ খতিয়ান উপস্থাপন কৰে । যুটীয়া সঞ্চালক মঞ্জুৰি বৰঠাকুৰে বিভিন্ন পৰামৰ্শ প্ৰদান কৰাৰ লগতে বিভাগে সন্মুখীন হোৱা সমস্যাসমূহৰ বুজ লয় । তেওঁ কয় যে বৰ্তমান চৰকাৰে সমাজ কল্যাণ বিভাগৰ আঁচনিসমূহৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে । এই কামসমূহ যাতে সময়মতে আৰু নিয়াৰিকৈ ৰূপায়ণ হয়, তাৰ প্ৰতি নজৰ দিবলৈ তেওঁ সংহত শিশু উন্নয়ণ প্ৰকল্প বিষয়া আৰু মুখ্য সেৱিকাসকলক বিশেষভাৱে অনুৰোধ জনায় ।
সমাজ কল্যাণ সঞ্চালকালয়ৰ উপ-সঞ্চালক দেবেন ভূঞাই দিব্যাংগ ব্যক্তিসকলৰ কাৰণে চৰকাৰে প্ৰৱৰ্তন কৰা আঁচনিসমূহৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়ায় । এইক্ষেত্ৰত তেওঁ চৰাইদেউ জিলা সমাজ কল্যাণ বিভাগে লোৱা পদক্ষেপসমূহ অধিক ত্বৰান্বিত কৰাৰ পোষকতা কৰে ।
ইয়াৰ পাছতেই ৰাজ্যিক মহিলা সমল কেন্দ্ৰৰ ৰাজ্যিক মহিলা সমন্বয়ক ৰুবী ভাগৱতী শৰ্মাই মহিলাসকলে সন্মুখীন হোৱা নানান সমস্যা আৰু তাৰ সতে জড়িত চৰকাৰী আঁচনিৰ ওপৰত বিশদভাৱে আলোকপাত কৰে ।
পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱাই আঁত ধৰা পৰ্যালোচনা সভাখনিত সংহত শিশু উন্নয়ণ প্ৰকল্প বিষয়া পূৰবী নেওগ আৰু ৰিণু বৰা, মুখ্য সেৱিকাবৃন্দ, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা আঁচনিৰ জিলা প্ৰকল্প সমন্বয়ক নৱজ্যোতি গগৈ, সখী-একক অৱস্থান কেন্দ্ৰৰ কেন্দ্ৰ প্ৰশাসক শিখামণি পাঠককে প্ৰমুখ্য কৰি সমাজ কল্যাণ বিভাগ আৰু জিলা শিশু সুৰক্ষা কোষৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।
লগতে পঢ়ক অইল ইন্ডিয়াৰ বিভেদকামী বিজ্ঞাপনক লৈ আলফা স্বাধীনৰ প্ৰতিবাদ