মঙলদৈঃ দৰঙত উপস্থিত কেন্দ্ৰীয় ৰাজ্যিক সমাজ কল্যাণ মন্ত্ৰী এ নাৰায়ণ স্বামী।

দৰঙৰ প্ৰতিটো চৰকাৰী বিভাগৰ মুৰব্বীৰ সৈতে আলোচনাত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকী ।

বিভাগ সমূহৰ ভিতৰত থকা গাফিলতিক লৈ সৰৱ হোৱা দেখা যায় কেন্দ্ৰীয় মন্ত্ৰী গৰাকী।

দৰঙত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলাখনৰ সকলো বিভাগৰ বিষয়া সকলৰ লগত এক পৰ্যালোচনা সভাত মিলিত হয় ৷

লগতে পঢ়কঃডবকা আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন

জিলাখনত বাল্য বিবাহ, শিশু নিৰ্যাতনৰ ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ উপায়ুক্তক নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷

সভাৰ অন্তত মন্ত্ৰী গৰাকীয়ে মঙলদৈ চহৰৰ মাজ মজিয়াত অৱস্থিত নগৰ বালিকা বিদ্যালয় পৰিদৰ্শন কৰে ৷ পৰিদৰ্শনৰ সময়চোৱাত মন্ত্ৰী গৰাকীক সংগ দিয়ে মীন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply