লংকা: অসমীয়া শিখ সন্থা,অসমৰ মুখ্য উপদেষ্টা তথা লংকা গুৰুদ্বাৰ প্ৰবন্ধক কমিটিৰ মুখ্য উপদেষ্টা তথা খালছা সমাজ কল্যান উন্নয়ন সংগঠনৰ মুখ্য উপদেষ্টা লংকাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত বিশিষ্ট ব্যক্তি, সমাজসেৱক ,লংকা ক্ৰীড়া সংগঠনৰ সভাপতি,অসম গণ পৰিষদ দলৰ সভাপতি লংকা পৌৰসভাৰ কেইবাবাৰো সদস্য,লংকা মাৰ্কেটিং বৰ্ডৰ সভাপতিকে আদি কৰি নেতা- নিষ্ঠাৱান কৰ্মী ,সুদক্ষ খেলুৱৈ হৰি সিংৰ আজি দেহাৱসান ঘটে।
লংকা চহৰৰ লংকাপট্ৰি ৪নং ৱাৰ্ডৰ নিৱাসী হৰি সিঙে ৮৭ বছৰ বয়সত ইহ-সংসাৰৰ পৰা মেলানি মাগে।হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুবৰণ কৰা প্ৰয়াত সিংৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে-লগেই অসংখ্য গুণমুগ্ধই তেওৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
অসম গণ পৰিষদ দলে দলৰ পতাকাৰে তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে অসমীয়া শিখ সন্থাৰ সভাপতি ৰাজবীৰ সিঙেও শ্ৰদ্ধাঞ্জলী জনায় ৷ইপিনে,বিশিষ্ট ব্যক্তিজনৰ মৃ্ত্যুত সমগ্ৰ লংকাত গভীৰ শোকৰ ছাঁ পৰে।
লগতে পঢ়ক- শৰতৰ বতৰতো গৰমে দহিছে ৰাজ্যবাসীক