নিউজ ডেস্কঃ বিগত বহুসময় ধৰি বিধানসভাত বেছিভাগ বিধায়কে ৰাজ্যৰ চৰ এলেকাত আৰ্থ- সামাজিক জৰীপ চলোৱা উত্থাপন কৰি আহিছিল। যাৰ পিছতেই বিদায়কে কৰা দাবীক সঁহাৰি জনাই মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মাই হ’ব বুলি ঘোষণা কৰিছিল।
মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিচতেই ৰাজ্য চৰকাৰৰ চৰ এলেকা উন্নয়ন বিভাগে আর্থ- সামাজিক জৰীপ চলোৱাৰ বাবে যাৱতীয় কাম- কাজ আৰম্ভ কৰিছে। লগতে অসম চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ ভিতৰতে ৰাজ্যৰ চৰ এলেকাত আর্থ-সামাজিক জৰীপ চলোৱাৰ সিদ্ধান্ত লৈছে।
ইতিমধ্যে, ২০ বছৰৰ মূৰত চলাবলগীয়া এই আৰ্থ-সামাজিক জৰীপ কিদৰে চলোৱা হ’ব, তাৰ বাবে এক বিতং প্রকল্প প্রতিবেদন প্ৰস্তুত কৰিবলৈ অর্থনৈতিক আৰু পৰিসংখ্যা সঞ্চালকালয়ক দায়িত্ব প্ৰদান কৰিছে।
উল্লেখযোগ্য যে, অসমত প্ৰথমবাৰৰ বাবে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বত ২০০২-০৩ আৰ্থ-সামাজিক জৰীপ চলোৱা হৈছিল । ২০০২-০৩ বিত্তীয় বৰ্ষত চলোৱা জৰীপত ৰাজ্যৰ ১৪ খন জিলাৰ ২৩ টা মহকুমা, ৫৯ টা উন্নয়ন খণ্ড আৰু ২৯৯ টা গাঁও পঞ্চায়তক সামৰি লোৱা হৈছিল। জৰীপত মুঠ ৩,৬০,৯২৭ হেক্টৰ এলেকাত ২,২৫১ টা চৰ পোৱা গৈছিল আৰু শিক্ষাৰ হাৰ আছিল ১৯.৩ শতাংশ।