নিউজ ডেস্কঃ ২০২২ বৰ্ষৰ প্ৰথমটো সূৰ্য গ্ৰহণ হ’ব ৩০ এপ্ৰিল, ২০২২ত । ই হ’ব আংশিক প্ৰভাৱৰ। এই গ্ৰহণ বৃশ্চিক ৰাশিত সংঘটিত হৈছে। ৩০ এপ্ৰিলৰ দিনৰ ১২.১৫ বজাৰ পৰা আৰম্ভ হৈ ৪.০৭ বজাত সমাপ্ত পৰিব। অৱশ্যে এই সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান নহ’ব।
সূৰ্য গ্ৰহণ কি?
সূৰ্য, পৃথিৱী আৰু চন্দ্ৰ নিজ কক্ষপথত আবৰ্তন কৰি থাকোঁতে কেতিয়াবা চন্দ্ৰ যেতিয়া পৰিভ্ৰমণৰ অৱস্থাত কিছু সময়ৰ বাবে পৃথিৱী আৰু সূৰ্যৰ মাজত অৱস্থান কৰে, তেতিয়া পৃথিবীৰ কোনো দৰ্শকৰ বাবে সূৰ্য আংশিক বা সম্পূৰ্ণৰূপে অদৃশ্য হৈ পৰে (কিছু সময়ৰ বাবে)। এই ঘটনাকে সূৰ্যগ্ৰহণ বোলা হয়।
সূৰ্য গ্ৰহণৰ সময়ত ল’ব লগা সাৱধানতাসমূহঃ
সূৰ্য গ্ৰহণৰ সময়ত বেমাৰ আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে। সন্তান সম্ভাৱা মহিলাসকলে সূৰ্য গ্ৰহণৰ সময়ত শৰীৰত সূৰ্যৰ ৰশ্মি পৰিবলৈ নিদিব। সূৰ্যগ্ৰহণ দিনা সূৰ্যটো চচমা পৰিধান নকৰাকৈ নাচাব।
এই সূৰ্য গ্ৰহণ ভাল নহয় কোন কোন ৰাশিৰ জাতক–জাতিকাৰ বাবেঃ
মেঘঃ মেঘ ৰাশিৰ জাতক-জাতিকাই আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব পাৰে। সেয়েহে জ্যোতিষীৰ পৰামৰ্শ অনুসৰিহে সূৰ্য গ্ৰহণৰ দিনা ধনৰ লেন-দেনৰে জড়িত কাম-কাজ বা সিদ্ধান্ত গ্ৰহণ কৰিব।
বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ জাতক-জাতিকাৰ বাবেও সূৰ্য গ্ৰহণে সুফল প্ৰদান নকৰে। গ্ৰহণৰ সময়ত খং-ৰাগ নকৰিব।
কন্যাঃ কন্যা ৰাশিৰ জাতক-জাতিকাই সূৰ্য গ্ৰহণৰ দিনটোত চাকৰি সলনি কৰাৰ সিদ্ধান্ত নল’ব। তদুপৰি উক্ত দিনটোত কোনো নতুন কামতো যোগদান নকৰিব।
তুলাঃ তুলা ৰাশিৰ জাতক-জাতিকাই সূৰ্য গ্ৰহণৰ দিনা নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ নজৰ ৰাখিব।
মিথুনঃ মিথুন ৰাখিৰ জাতক-জাতিকাই গ্ৰহণৰ দিনা ৰাজহুৱা স্থানত নাযাবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে।
(Disclaimer: এই প্ৰবন্ধত সন্নিবিষ্ট যিকোনো তথ্য/সমল/গণনাত সন্নিবিষ্ট শুদ্ধতা বা নিৰ্ভৰযোগ্যতা আমি নিশ্চিত নকৰো। এই তথ্যবোৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এনডিটিভিৰ পৰা সংগ্ৰহ কৰি আপোনাক জনোৱা হৈছে। আমাৰ লক্ষ্য হৈছে কেৱল তথ্য প্ৰদান কৰা, ইয়াৰ ব্যৱহাৰকাৰীসকলে ইয়াক কেৱল তথ্যৰ অধীনত লোৱা উচিত। ইয়াৰ উপৰিও, ইয়াৰ যিকোনো ব্যৱহাৰৰ দায়িত্ব হ’ব ব্যৱহাৰকাৰীৰ নিজৰ।)