নিউজ ডেস্ক : গৰমকালী বতৰৰ ফল-মূল আৰু শাক-পাচলিৰে বজাৰ বিলাক ভৰি থাকে। এই দিনকেইটাত বিভিন্ন সুস্বাদু আৰু পুষ্টিকৰ চালাড খাই আমি নিজৰ শৰীৰক সতেজ কৰি ৰাখিব পাৰো। আহকচোন গৰমকালী সহজেই বনাব পৰা কেইবিধমান সুস্বাদু চালাডৰ বিষয়ে জানো।

কেঁচা অমিতা চালাড

কি কি লাগিব – এটা কেঁচা অমিতা, কেঁচা ধনীয়া, তিনি ফুটা কেঁচা নহৰু, দুটা কেঁচা জলকীয়া, ৰ’ষ্টেড বাডাম, নিমখ, কেই টুকুৰুামান শ্লাইচ কৰি কটা কেঁচা নেমু, কেইটামান পকা বিলাহী।

প্ৰথমতে অমিতাটো দীঘল আৰু মিহি মিহিকৈ কাটি ল’ব। খুন্দনাত ৰ’ষ্টেড বাডামখিনি খুন্দি লওক, একেবাৰে গুড়ি কৰাৰ প্ৰয়োজন নাই। বাডামখিনি খুন্দি হোৱাৰ পিছত তাত নহৰু কেইফুটা আৰু জলকীয়া কেইটা দি খুন্দি লওক, ইয়াৰ পিছত কটা বিলাহী কেইটুকুৰা দি থেঁতেলিয়াই লওক। তাৰ পিছত কেঁচা ধনীয়াখিনি দি একেদৰে খুন্দি লওক। এতিয়া কাটি ৰখা অমিতাখিনি কম কম দি থেতেলিয়াই লওক আৰু শেষত নিমখ অলপ দি গোটেইখিনি ভালদৰে সানিলৈ পৰিবেশন কৰক।

ৰবাব টেঙাৰ চালাড

কি কি লাগিব – এটা পকা ৰবাব টেঙা, দুটা মিহিকৈ কটা কেঁচা জলকিয়া, অলপ মিঠাতেল, ৰ’ষ্টেড বাডাম কেইটামান, ধনীয়া আৰু নিমখ।

প্ৰথমতে ৰবাব টেঙাটোৰ ফুটাবিলাক ভালদৰে গুচাই লওক, অলপ মিঠাতেল সানি ল’লে ফুটা বিলাক গুচাবলৈ সহজ হয়। এতিয়াৰ ৰবাব টেঙাখিনিত বাডাম, জলকিয়া, ধনীয়া, মিঠাতেল দুই চামুচ আৰু নিমখ দি ভালদৰে সানি লৈ পৰিৱেশন কৰক।

তৰমুজৰ চালাড

প্ৰচুৰ পৰিমানে পুষ্টি, ভিটামিন, খনিজ আইৰণ আৰু পানী থকা তৰমুজ গ্ৰীষ্মকালীৰ এবিধ ফল। তৰমুজৰ সৈতে ষ্ট্ৰ’বেৰি, নুনি, ব্লুবেৰি, ব্লেকবেৰি আদি এটা ডাঙৰ পাত্ৰত মিহলাই তাত কেইখিলামান পদিনাৰ পাত আৰু অলপ নেমু চেপি ভালদৰে সানি লৈ পৰিৱেশন কৰক।

লগতে পঢ়ক : অসম-মিজোৰাম সীমা সমস্যা : মিজো লোকৰ আক্ৰমণৰ আশংকাত ঘৰৰ ভিতৰত দিন কটাইছে অসমীয়াই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply