দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধাত বৃহস্পতিবাৰে পুৱা প্ৰায় ১০ বজাত এজন পুত্ৰই নিজৰ পিতৃক ডেগাৰেৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলায়। পুত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ পিতৃ হাস্পতালত চিকিৎসাধীন হ’বলগীয়া হৈছে। স্থানীয় ৰাইজে যুৱক জনক আটক কৰি উত্তম-মাধ্যম দি আৰক্ষীৰ হাতত গতাই দিয়ে।
উল্লেখ্য যে খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত খাৰুৱাবান্ধা গাঁৱৰ প্ৰয়াত কাছেম খলিফাৰ পুত্ৰ জিন্নাত খলিফাক তেওঁৰ নিজ পুত্ৰ ছাইফুল ইছলামে নিচাজাতীয় দ্ৰব্য সেৱন কৰি ডেগাৰেৰে আক্ৰমণ কৰে। ঘটনাৰ খবৰ পাই স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক আটক কৰি উত্তম-মাধ্যম দি খাৰুৱাবান্ধা আৰক্ষীৰ হাতত গতাই দিয়ে।
আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা হাতত লৈছে বুলি খাৰুৱাবান্ধা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ছমিৰন ডেকাই জানিবলৈ দিছে। ইফালে আঘাতপ্ৰাপ্ত পিতৃক ততাতৈয়াকৈ পৰিয়ালৰ লোকে হাটশিঙিমাৰী অসামৰিক চিকিৎসলায়ত ভৰ্তি কৰায়। আঘাতপ্ৰাপ্ত লোকজনৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে লোকজনক গোৱালপাৰালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।
মন কৰিবলগীয়া বিষয় যে ছাইফুল ইছলামে প্ৰায় ৭-৮ মাহ মান পূৰ্বে নিজৰ মাহী মাকক ডেগাৰেৰে বুকুত হানি-খুচি হত্যাৰ চেষ্টা চলাইছিল। অৱশ্যে মহিলা গৰাকীক চিকিৎসালয়লৈ নিয়াৰ ফলত মহিলা গৰাকীৰ প্ৰাণ ৰক্ষা পৰিছিল। আৰক্ষীয়ে তেতিয়াই যুৱকজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল। জেলৰ পৰা ওলাই আহি পুনৰবাৰ এনে ঘটনাত লিপ্ত হৈ ছাইফুল ইছলাম।