ডিমাকুছি : সুৰাৰ ৰাগীত পিতৃকৰ কোঠাৰেৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা পুত্ৰৰ। ৰাজপথতে কোঠাৰেৰে পিতৃক আক্ৰমণ চলালে পুত্ৰই। আক্ৰমণৰ বলি হোৱা পিতৃ চিকিৎসাধীন, আক্ৰমণকাৰী পুত্ৰ পলাতক।

ওদালগুৰি জিলাৰ অন্তৰ্গত ডিমাকুছিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। সুৰাৰ ৰাগীত এজন যুৱকে নিজ পিতৃকে হত্যাৰ চেষ্টা চলালে। যতীন বেজবৰুৱা নামৰ এজন যুৱকে নিজ পিতৃ ৰবিন্দ্ৰ বেজবৰুৱাক ৰাজপথৰ ওপৰত কোঠাৰেৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলায়।

লগতে পঢ়ক  : বিগত দুদিন ধৰি ভাৰতত আক্ৰান্তৰ সংখ্যা ৩০ হাজাৰৰ তলত

ঘটনাৰ পিছতে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াৰ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত ৰবিন্দ্ৰ বেজবৰুৱাক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ২ নং ডিমাকুছিৰ বাগানতাৰীত সংঘটিত হৈছে এই জঘন্য ঘটনা। আক্ৰমণতকাৰী পুত্ৰ যতীন বেজবৰুৱা পলাতক অৱস্থাত আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply